তুমি ধাৰণাৰ সত্য প্ৰতীক
তুমি পাহৰি নোযোৱা অতীত
তুমি যুগমীয়া কবিতা স্মৃতিৰ
তুমি চিৰ প্ৰবাহিত স্ফটিক ধাৰা
তুমি জাউতিযুগীয়া সাৰুৱা ভূমি।
এই মাটিতেই জন্ম তোমাৰ
এই সাৰুৱা ভূমি অতি মৰমৰ
এই আকাশ চিনাকী তোমাৰ
এই বতাহত প্ৰতিদিন লৈছা উশাহ
এই পৰিৱেশ নিচেই আপোন
এই ভূমিতেই ৰছিলা সপোন।
ঠুনুক-ঠানাক মাত সামৰি
বগুৱা বাইছিল শৈশৱে তোমাৰ
কৈশোৰৰ আশাবোৰ হাতত আছিল
ইয়াতে প্ৰণয় আহিছিল যৌৱনত
যৌৱনৰ স্বপ্নবোৰ খহি পৰিছিল
সপোন বাস্তৱ নীৰৱে ঢলি পৰিছিল।
গেলেৰীৰ শেষৰ শাৰীত বহা-
নাটক উপভোগ কৰা দৰ্শক আমি
অন্তিম দৃশ্যৰ কৰুণ সমাপ্তিৰ
আমি স্তদ্ধ শব্দৰ মৌনতাৰ সাক্ষী ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ