তামোল-পাণৰ ‌দোকান- বিকাশ দাস

©Admin
0
ৰমেন বৰুৱাই এইবাৰ গাঁৱৰ তিনি আলিত সৰু পাণদোকান এখন দিবলৈ পৰিকল্পনা কৰিছে ।
নতুন কৈ চাৰিজোপা তামোল গছত তামোল লাগিছে ।
আনহাতে গাঁৱখনৰ সিটো মূৰত নগেনৰ ঘৰত বহুতো পাণ আছে । দুয়ো পৰিকল্পনা কৰি আছে যে অহা কালিৰ পৰা পাণ দোকান দিব । ভবা মতেই কামটো হ'ল ।
             প্ৰথম দিনত সিমান বিক্ৰী নহ'ল কিন্তু দ্বিতীয় দিনা ভাল বিক্ৰী হয় । তাৰ পিছত কেইদিনমানৰ পাছতে তেওঁলোকৰ অবস্থা নদন- বদন । তেওঁলোকৰ উন্নতি দেখি দুজন মান কপটীয়া লোকে তেওঁলোকৰ বন্ধুত্বৰ বান্ধোন বিচ্ছিন্ন কৰিবলৈ ৰমেন নথকা সময়ত দোকানলৈ গ'ল তেতিয়া নগেনে তেওঁলোকক তামোল এখন খাবলৈ দিয়ে আৰু ‌সন্মান সহকাৰে বহিবলৈ চকী দুখন আগবঢ়ায় দিয়ে আৰু তেওঁলোকৰ খবৰ বাতৰি সুধিবলৈ ধৰিলে । লগে লগে ৰমেন আহি উপস্থিত হয় । ইফালে দোকানখনত অলপ ভিৰ আছিল ।
               ‌লগে লগে সেই মানুহ দুটাৰ অলপ ভয় লাগিল‌ কাৰণ ৰমেনে জানিছিল যে সেই মানুহ‌ দুজনে কথা লগাই ফুৰে আৰু স্বভাৱ বৰ ভাল নহয় । 
তথাপিও ৰমেনে এইবোৰ আওকাণ ‌কৰি তেওঁলোকৰ খবৰ সুধিলে । তেওঁলোকে কথা- বতৰা পাতিলে । অলপ পিছত সেই কপটীয়া‌ মানুহ দুজনৰ অনুভৱ হয় যে তেওঁলোকে কথা লগাই ফুৰি আৰু বেলেগৰ উন্নতি দেখিব নোৱাৰা স্বভাৱটোৰ পৰা সমাজৰ প্ৰগতি হোৱা নাই । তেওঁলোকে ভাল কাম কৰি সমাজৰ প্ৰগতিত অৰিহণা যোগাব বুলি প্ৰতিজ্ঞা কৰিলে আৰু সেই দোকানখনৰ ওচৰত দুয়ো একেলগে এখন ইস্ত্ৰিৰ দোকান দিলে আৰু লাহে লাহে তেওঁলোকে গাঁৱৰ মানুহৰ পৰা মান সন্মান লাভ কৰিবলৈ ধৰিলে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)