চাওঁতে চাওঁতে আকৌ আহি পালেহি হেঁপাহৰ ভোগালী বিহুটি । কৃষি নিৰ্ভৰ অসমীয়া মানুহৰ এক অন্যতম উৎসৱ - হেঁপাহৰ ভোগালী বিহু। মাহ, তিল ,বৰা চাউল,গুৰ আদিকে ধৰি বিভিন্ন ধৰণৰ ভোগৰ বস্তু গাঁৱতেই পাবা । ভোগ আৰু প্ৰাচুৰ্য্যৰ বাবেই এই বিহু ভোগালী বিহু । এই বিহুৰ আয়োজন বহু দিনৰ আগৰেই পৰা কৰি অহা দেখা পোৱা যায়।
বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে নিজৰ পৰিচয় বহন কৰি আহিছে । আনন্দ -উলাহত মন বোৰ হয় ফৰকাল । ভোগালী বিহু যেন নিচেই কাষত এতিয়া ।
মাঘ বিহুৰ অন্যতম মূল আকৰ্ষণ হ'ল - মেজিৰ জুইকুৰা। হিমচেঁচা জাৰৰ সেই উৰুকাৰ নিশা পৰিয়ালৰ লোকৰ সৈতে এসাঁজ লগে - ভাগে খোৱাত যেন জুইকুৰাও অৱকাশ যোগায় । জেওৰা- জপনা আদি চুৰ কৰা , কাৰোবাৰ আলু , কবি ,আন কাৰোবাৰ গৰালৰ হাঁহ আদি বোৰ চুৰ কৰা আগৰ তুলনাত বহু গুণেই নাইকীয়া হ'ল। কিয়নো সকলো বোৰ আজিকালি আধুনিক হ'ল ।
সেইবাবেই চাগে সময়ৰ সোঁতত সকলো বোৰ পৰিবৰ্তন হৈ আহিছে ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ