নৱবৰ্ষ- ভাৰ্গব জ্যোতি দাস

©Admin
0
কুঁৱলীৰ ভেটা ভাঙি 
এটি নতুন দিগন্তৰ আগমনে
পাহি মেলিলে,
নতুন দিন ,নতুন আকাশৰ
ৰেঙনি লৈ সকলো আগবাঢ়িল
ন ন কুঁহিপাত বোৰেও নব বৰ্ষৰ আগজাননী দিলে
চৰাই জাকেও কিৰিলি পাৰি
গাব ধৰিলে,বসন্তৰ সেই কালজয়ী গীতবোৰ
চৌদিশে উখল মাখল,যেন 
নতুন জীৱন আদৰৰ এটি সমল
নৱ নৱ সুৰুজৰ কিৰণেও
পোহৰ বিলালে,
ডাকুৱালে বাতৰিও গোটেই বিশ্বক জনাই দিলে
মনোৰঞ্জন মাথোঁ মনোৰঞ্জন চৌপাশে
হাঁহিৰ মাজৰে নৱবৰ্ষ পাৰ কৰাৰ সংকল্প বান্ধিলে
দুখ বোৰৰ পৰা আঁতৰৰ প্ৰাৰ্থনা জনালে
ভগবানৰ আশীষ লৈ নব দিগন্তৰ দিশে আগবাঢ়ি গ'ল 
নতুন বছৰ নতুন দিনৰ দিশে।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)