মাঘৰ ভোগৰ এক বিশেষ অনুভূতি - বন্দনা ভৰালী গগৈ

©Admin
0
অসমীয়াৰ কৃষ্টিৰ সমাহাৰৰ বিশেষ,
জাতীয় জীৱনৰ প্ৰকৃত স্বৰূপ বিচাৰি,
কৃষিজীৱি মানুহৰ সংস্কৃতি বিশ্লেষণৰ সমল,
ভোগালীৰ ভোগৰ এক পূৰ্ণ আনন্দ ভৱন ।

অসমীয়াৰ কৃষ্টিৰ সমাহাৰৰ বিশেষ,
য'ত আছিল কেৱল আন্তৰিকতাৰ স্বাদ ,
কুঁৱলী আৰু কোমল ৰ'দালি জেনীৰ প্ৰেমৰ সম্পৰ্ক,
ভোগালীৰ ভোগৰ এক পূৰ্ণ আনন্দ ভৱন।

অসমীয়াৰ কৃষ্টিৰ সমাহাৰৰ বিশেষ,
মাঘৰ জু-শালৰ তপত জুইকুৰাৰ উদেশ্যে,
সৌৰজগতৰ নিৰ্দিষ্ট নিৰ্মাণ হয় উত্তৰায়ণৰ সময়,
ভোগালীৰ ভোগৰ এক পূৰ্ণ আনন্দ ভৱন।

অসমীয়াৰ কৃষ্টিৰ সমাহাৰৰ বিশেষ,
বসুমতীৰ গৰ্ভত স্থিতি লয় শস্য শ্যামলীয়ে,
বিভিন্ন ধৰণৰ বীজ ৰোপিত হয় ধৰিত্ৰীৰ কোলাত
ভোগালীৰ ভোগৰ এক পূৰ্ণ আনন্দ ভৱন।

অসমীয়াৰ কৃষ্টিৰ সমাহাৰৰ বিশেষ,
কৃষকৰ কষ্টৰ মূৰত পায় এক পূৰ্ণ আনন্দ,
মেটমৰা ভঁৰালত উপচি পৰে সোণগটিৰ ধন,
ভোগালীৰ ভোগৰ এক পূৰ্ণ আনন্দ ভৱন।

অসমীয়াৰ কৃষ্টিৰ সমাহাৰৰ বিশেষ,
পূৰ্ণতা পায় সুখ সমৃদ্ধিৰ আৰু সংস্কৃতি সমাৰোহৰ,
মন,মন,ধন আদিৰ পৰ্য্যবেক্ষকৰ প্ৰয়োজন,
ভোগালীৰ ভোগৰ এক পূৰ্ণ আনন্দ ভৱন।

অসমীয়াৰ কৃষ্টিৰ সমাহাৰৰ বিশেষ,
ভোগালীক পালন কৰিবলৈ লাগে কৃষকৰ বন্ধু,
ইয়াৰ বিচাৰ হয় কেৱল কৃষি কৰ্ম সম্পাদনত,
ভোগালীৰ ভোগৰ এক পূৰ্ণ আনন্দ ভৱন।

✍️বন্দনা ভৰালী গগৈ, শিৱসাগৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)