মহানগৰীৰ বিলাসী ফ্লেটটোৰ বেলকনিতে বনকৰা ছোৱালীজনীয়ে লোহাৰ চুলাটোত ধৰি দিয়া কয়লাৰ জুইকুৰাৰ কাষত বহি আছে সস্ত্ৰীক বৃদ্ধ ৰমানন্দ বৰবৰা ৷
গাঁৱৰ ঘৰখনৰ জুহালখনলৈ মনত পৰি বৰবৰানীৰ দুনয়ন সেমেকি উঠিছে ৷ তাহানিতে এই সময়ত ভোগালী বিহু বুলি কত' যে আয়োজন কৰিছিল ! বৰবৰাৰো ঘনেপতি মনলৈ আহিছে কাঠআলু খন্দা আৰু চুঙাপিঠাৰ বাবে বাঁহৰ চুঙা সাজু কৰা দিনবোৰৰ কথা !
সেই ৰামো নাই অযোধ্যাও নাই ! তেওঁলোক বৰ্তমান মহানগৰত অভিজাত কোম্পানীত কৰ্মৰত একমাত্ৰ পো-বোৱাৰীৰ সৈতে মহানাগৰিক ৷ মনে বিচাৰিলেও দেহাই নামানে ৷
শোকোতাকে মুকুতা বুলি বজাৰৰ পৰা কিনি অনা পিঠা-পনাৰেই ভোগালীক আদৰিবলৈ দুয়ো মনে মনে সাজু হ'ল !
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ