ভোগালী - পল্লৱ ৰয়

©Admin
0
পুহমহীয়া কুঁৱলীৰ বোকোচাত উঠি
পদূলীত পালেহি ভোগৰ ভোগালী, 
কঙাল কলিজাত হেঁপাহৰ ঢৌ তুলি
দি যায় হেঙুলীয়া আশাৰ ৰেঙনি। 

অসমী আইৰ সেমেকা চোতালত 
দুই মাহৰ জোৰণি উৰুকাৰ নাচোন, 
ঢেকুৰচ্ কুৰচ্ ঢেঁকীৰ মাতত
বলিছে ভোগালীৰ আলসুৱা ফাগুন। 

আঘোণীয়া সুবাসেৰে বোপাইৰ ভঁৰাল
বৰা - জহাৰ গোন্ধত উন্মনা, 
ব্যস্ততাসনা আইৰ আখল
লাড়ু পিঠাৰে আজি আথলীয়া। 

উৰুকাৰ নিশাটি পথাৰতে খাব
শুকান নৰাৰে সাজিছে ভেলাঘৰ, 
আলুতলিত দেখোন কোনোবা দুটা
বাৰীৰ ঢাপতো জেওঁৰাৰ খৰমৰ।

উৰুকাৰ আমেজেৰে ইঘৰ সিঘৰ কৰোঁতে
উত্তৰমুৱা বেলি তেজাল হ'ল, 
সমনীয়া লগ হৈ মেজিত জুই দিয়ে
জ্বলাই জগতৰ অসূয়া অমংগল। 

মেজিত মিঠা আলু পথাৰত খেলৰ যুঁজ
বন্ধা আছে পৰম্পৰাৰ শিকলিত, 
উলাহেৰে ভোগালীক আদৰে অসমীয়াই
মতলীয়া হৃদয়ৰ বাকৰিত।
     
✍️পল্লৱ ৰয়
প্রথম ষান্মাসিক,বানিজ্য শাখা
ছয়দুৱাৰ মহাবিদ্যালয়। 
গহপুৰ, বিশ্বনাথ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)