পিতা পুত্ৰীৰ জীৱনৰ কাহিনী
জীৱনৰ দস্তাবেজ সলনি হৈ গ'ল
কিন্তু তোমাৰ স্মৃতি
কণমানি
হিয়াত খোদিত হৈ থাকি গ'ল
বিষাদভৰা অনুভূতি হৈ.....।
আজিৰ দিনটোতে
তুমি মোৰ
হিয়া,মন সকলো উকা কৰি
গুছি গৈছিলা দেউতা
নেদেখা জনৰ কাষলৈ ।
তুমি গুছি যোৱাৰ পৰত
ভাবিছিলো সদায় জিৰণি লৈ
মোক কাষলৈ মতাৰ দৰে
সেইদিনাও তোমাক হাত বুলাই
তোমাৰ বিষবোৰ দূৰ কৰিবলৈ
মাতিবা বুলি অসহায় সুৰত
কিন্তু মই জনা নাছিলোঁ দেউতা
তোমাৰ সেই অসহায় মাতষাৰো যে শুনিবলৈ নাপাম।
মৃত্যুৰ সৈতে তুমি যুঁজি আছিলা
আৰু তোমাক হেৰুৱাৰ দুখত
আমি নিথৰুৱা হৈ গৈছিলো
বতাহে উৰুৱাই নিয়া তোমাৰ
কাপোৰখন আতৰোতে থৰ হৈ
তোমাৰ ওচৰলৈ গৈছিলো
চাই ৰৈছিলো তোমাক শেষ
জীৱনৰ অন্তিম সময়চোৱাত ।
সৰুতেই হেৰুৱালো তোমাৰ
মৰমবোৰ আৰু শাসনবোৰ
নেদেখাকৈ গুছি গ'লা অ দেউতা
সপোনবোৰ পূৰ হোৱালৈ
তুমি থাকিব লাগিছিল দেউতা
সুখৰ আধাখোলা হাঁহি তেতিয়া
নাথাকিল হয় জানা কেতিয়াও
আমাৰ আধৰুৱা কাহিনী
লিখিম কেনেকৈ সম্পূৰ্ণ নোহোৱাকৈ
এনেকৈয়ে থাকক দিয়া দেউতা
আমাৰ বিষাদৰ আধালিখা
জীৱনৰ কাহিনী........।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ