শীতৰ আমেজ - ৰঞ্জু গায়ন বৰুৱা

©Admin
0
শীতৰ সেমেকা কুঁৱলীৰ উমান পোৱাৰ লগে লগে মনটো উৰা মাৰে আপোন গাওঁখনলৈ । শৈশৱ আৰু যৌৱনৰ মিঠা সোঁৱৰণি উমাল কৰি তুলিবলৈ সুহুঁৰিয়াই মাতে হিয়াৰ কোঠালি লৈ। শীত বুলিলে দেহে-মনত যি চিনাকি শিহৰণে আলোড়িত হ'য় । আজিৰ নৱ প্ৰজন্মই সেই শিহৰণৰ কথাবোৰ বুজি নাপায় । তেওঁলোকৰ বাবে শীতৰ আমেজবোৰ আইতাৰ সাধু কথাৰ দৰেই ।শীতৰ কুঁৱলী ফালি ওলাই অহা ৰ'দ জাৰে উমাল কৰে আশা আৰু হেঁপাহবোৰ । আঘোণৰ সোণালী ধাননি চপোৱাৰ পাছতে এয়া ভঁড়াল ওপচাৰ সময় । সকলোৱে ঘৰে ঘৰে ন- খোৱাৰ আমেজেই সুকীয়া, তাতে আকৌ বাৰীৰ পুখুৰীত মাছৰ খলকনি, জুইশাল'ত বিভিন্ন আঞ্জা , চুঙা চাউলৰ জুতি ,আলু- কচু পোৰা আৰু আইতাৰ মুখেৰে শুনাসাধু কথাবোৰে পুৱা -গধূলি বাৰুকৈয়ে আমনি কৰে ।
     আজিকালি ব্যস্ততাৰ বাবে বহুজনেই শীতৰ আমেজ লোৱাৰ পৰা বঞ্চিত হৈছে । সময়ৰ অভাৱত কাচিৎ লোকেহে জুইকুৰাৰ কাষত বহি শীতৰ আমেজ লবলৈ পায় ।


 ✍️ৰঞ্জু গায়ন বৰুৱা (নামৰূপ)
ফোন নং - ৯৯৫৪১২৬৩৪৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)