সময়ে বহু কথা কয়
সময়ে বহু কথা শিকায় ।
বৰণ পৰিবৰ্তন হৈ
পথাৰ খন আগৰ ঠাইতে ৰয় ।
হেজাৰ প্ৰশ্ন ঘড়ীটোলৈ চাই
পথাৰত,
বীজ অংকুৰিত হ'ল
ডাঙৰ হৈ
বৃক্ষ হ'ল
মেলিলে ক'লি
ফুলিলে, চৌপাশ ৰঙচঙীয়া কৰি ।
ক্ৰমশ,
পাহিবোৰ মৰহি গʼল
ডাল -পাত শুকাই গʼল
ছাল বা গা- গছজোপাও
আকৌ,
নাইকিয়া
শূণ্য পথাৰ
পথাৰ খন আগৰ ঠাইতে ৰʼল l
✍🏻ছামিম আখতাৰ , ঢেকিয়াজুলি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ