ভোগালী বিহু : ঐতিহ্য আৰু তাৎপৰ্যৰ আঁত ধৰি - সুশান্ত দাস

©Admin
0
উৎসৱ-অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সময়, কাল, ঋতু, উদ্দেশ্য, ৰূপ, সংযুতি আদিলৈ লক্ষ্য কৰি এইবিধ সাংস্কৃতিক বা লোক-সাংস্কৃতিক উপাদানক কৃষি ভিত্তিক বা ঋতুকালীন, পঞ্জিকা আশ্রয়ী, জীৱন-বৃত্তৰ সৈতে জড়িত আদি বিভিন্ন উপশ্রেণীত বিভক্ত কৰিব পাৰি। এই উপশ্রেণীসমূহৰ ভিতৰতো আকৌ কৃষি বিষয়ক বা ঋতুকালীন উৎসৱ-অনুষ্ঠান বিশেষভাৱে উল্লেখযোগ্য এই কাৰণেই যে এইবিধ উৎসৱ-অনুষ্ঠান কৃষি, কৃষক, জীৱিকা নির্বাহৰ সমস্যা, অর্থনৈতিক সংঘাত বা সমস্যা, উৎপাদনৰ সমস্যা আৰু আনন্দ, শোষণৰ প্রৱণতা, উপভোগৰ পৰিতৃপ্তি, অলৌকিক শক্তিৰ কাৰুণ্য লাভৰ বিনম্ৰতা আদিৰ সৈতে সম্পৃক্ত। গতিকে কৃষি বিষয়ক বা ঋতুকালীন উৎসৱ-অনুষ্ঠানৰ বিভিন্ন সংযুতিত জন-গণ-মনৰ প্ৰতিফলন সুদূৰপ্ৰসাৰী। এই কাৰণে পৃথিৱীৰ সর্ব সংস্কৃতিত কৃষিভিত্তিক বা ঋতুকালীন উৎসৱ-অনুষ্ঠান পৰম্পৰাগতভাৱে পালন কৰি অহা দেখা যায়। কাৰ্নিৱেল (Carnival), মে’ ডে (May Day) আদি উৎসৱেই ইয়াৰ প্ৰমাণ। কাৰ্নিৱেল উৎসৱ সমগ্ৰ ইউৰোপ আৰু আমেৰিকাত শীতকালত পালিত হয়। এই উৎসৱৰ এটি অন্যতম বিশেষত্ব হৈছে শীতৰ প্রতিকৃতি দাহন । উদ্দেশ্য— কঠোৰ শীত সামাজিকভাৱে বহিষ্কৰণ। ইয়াৰ বাহিৰে আই বসুমতীৰ উৰ্বৰতা শক্তিৰ বৃদ্ধি কামনা, মৃত্যু, ভূত-প্ৰেত, খেতি-বাতিৰ অন্যায়কাৰী অপশক্তি বহিষ্কৰণ আদি উদ্দেশ্যও কাৰ্নিৱেল উৎসৱৰ সৈতে জড়িত। ধর্মীয় কৃত্য, শোভাযাত্রা, সামূহিক ভোজন, গীত-নৃত্য আদি পৰিৱেশন, পৰম্পৰাগত বাদ্যযন্ত্ৰ সংগত, পৰম্পৰাগত পোছাক-পৰিচ্ছদ, অয়-অলংকাৰ পৰিধান আদিও কাৰ্নিৱেল উৎসৱৰ অপৰিহাৰ্য সাংযুতিক একক। অসমৰ মাঘ বিহু বা ভোগালী বিহুৰ সৈতে যে কাৰ্নিৱেল উৎসৱৰ সাদৃশ্য ৰক্ষিত হৈ আহিছে, তাত সন্দেহ নাই। তেনেদৰে মে’ ডে উৎসৱৰ সৈতে অসমৰ ব’হাগ বিহু বা ৰঙালী বিহুৰ সাদৃশ্য চকুত লগা। এইদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে ঋতুকালীন উৎসৱ-অনুষ্ঠানৰ জৰিয়তে বিশ্বজনীন আৱেগ-অনুভূতি আৰু আচৰণ ব্যঞ্জিত হৈ আছে। এই বিশ্বজনীন বৈশিষ্ট্যৰ অন্যতম উৎস— উৎসৱগত প্রতীক। এই প্রতীকবোৰ অনেক পৰিমাণে আদিম মানৱৰ আনুভূতিক আচাৰণৰ সৈতে সম্পৃক্ত। আধুনিক সমাজতো সেই প্রতীকবোৰ অপৰিৱর্তিত ৰূপত বা পৰিৱর্তিত ৰূপত ৰক্ষিত হৈ আহিছে— সেইবাবে পৃথিৱীৰ বিভিন্ন সমাজত প্ৰচলিত ঋতুকালীন বা কৃষিৰ সৈতে বিজড়িত উৎসৱ-অনুষ্ঠানৰ মাজত কম-বেছি পৰিমাণে সাদৃশ্য ৰক্ষিত হৈ আহিছে, যিহেতু পৰম্পৰাগত উৎসৱ-আচৰণে (festival behaviour) কাৰ্যকৰী প্রতীকস্বৰূপে কাম কৰা দেখা যায় বিশেষকৈ অভীপ্সিত আবেগ-অনুভূতি প্রকাশ কৰাৰ অনুষংগত। উৎসৱ-আচৰণে প্ৰতীকী-অন্যোন্যক্ৰিয়া (Symbolic interaction)ৰ আধাৰত প্রতিষ্ঠিত আবেগ-অনুভূতিৰ অনুক্রম গ্রহণ কৰে। বিহু হৈছে অসমীয়াৰ প্ৰাণ, মান আৰু সন্মান। পৰম্পৰা ৰক্ষা কৰি অসমৰ লগতে সমগ্ৰ বিশ্বতে অসমীয়াসকলে ধৰ্মা আৰি বৰ্ণ নিৰ্বিশেষে অতি উলহ-মালহেৰে বিহু উৎসৱ পালন কৰি আহিছে। মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু এই তিনি প্ৰকাৰৰ বিহুৰে অসমীয়া সমাজত এক বিশেষ বৈশিষ্ট্য আছে যদিও মাঘ মাহত অনুষ্ঠিত হোৱা মাঘবিহুৰ কথাই সুকীয়া।
বছৰজুৰি পৰিশ্ৰম কৰা কৃষিজীৱি অসমীয়াই ক্লান্তি অৱসাদ দূৰ কৰিবলৈকে পালন কৰে ভোগৰ উৎসৱ ভোগালী বিহু ।আনহাতে মকৰ সংক্ৰান্তিৰ উপলক্ষে আৰ্যবাদী সকলে অগ্নি সেৱা কৰে ।প্ৰাপ্তিৰ আনন্দ আৰু ভক্তিৰ মাধুয্য যেনেকৈয়ে হওঁক অসমীয়া জাতিৰ প্ৰাণোধিক স্নেহৰ পৰম্পৰা মুঠতে ভোগালী বিহু ভোগৰ উৎসৱ। বিহুৰ পৰম্পৰা অতি প্ৰাচীন ।বিহু শব্দৰ উৎপওি সংস্কৃত"বিষুৱণ" শব্দৰ পৰা ।অৰ্থববেদ আৰু ঐতৰেয় আদি পুৰণি শাস্ত্ৰত পায় যে বিষুৱণ যাগ-যজ্ঞ কৰা এটা দিনৰ নাম । এই যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে।অৰ্থাৎ খেতি-বাতিৰ সু-ব্যৱস্থাৰ কাৰণেই এই বিষুৱ দিনৰ যাগ-যজ্ঞৰ আয়োজন। এই সময়ত অসমৰ কৃষিজীৱি লোকসকলে অতি কষ্টেৰে কৰা কৃষি কাৰ্য সামৰি পথাৰৰ ধান-শস্য কাটি ভড়ালত ৰাখে। গতিকে কষ্টেৰে কৰা উপাৰ্জনৰ পিছত সকলোৱে লগ হৈ আনন্দ মনেৰে এসাজ তৃপ্তিৰে খাবলৈ হাবিয়াস কৰে। ভোগ কৰে বাবেই এই বিহুক ‘ভোগালী বিহু’ আখ্যা দিয়া হয়। সাধাৰণতে লোকসংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায় পৰম্পৰাগত লোকউৎসৱ সমূহৰ জৰিয়তে ।একমাত্ৰ সামাজিক জীৱ হিচাপে মানুহে সমাজত বিভিন্ন নীতি-নিয়ম আৰু উৎসৱ পাৰ্বনৰ জৰিয়তে জীৱন-নিৰ্বাহ কৰে ।অসম প্ৰধানতঃ কৃষি প্ৰধান ৰাজ্য ।গতিকে কৃষিক লৈ অসমৰ মানুহে প্ৰাচীন কালৰে পৰা কিছুমান উৎসৱ পালন কৰি আহিছে আৰু ইয়াৰ ভিতৰত অন্যতম হ'ল মাঘ বিহু । পুহ আৰু মাঘৰ সংক্ৰান্তিত মাঘ বিহু উৎযাপন কৰা হয় বাবে মাঘ বিহুক মকৰ সংক্ৰান্তিৰ উৎসৱ বুলিও কোৱা হয়। এই মাহৰ পৰাই সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰে বাবে দিন ক্ৰমাৎ দীঘল হৈ শীতৰ প্ৰকোপ কমায় ।মকৰ সংক্ৰান্তিৰ এই উৎসৱ অসমৰ লগতে গোটেই ভাৰততে উৎযাপন কৰা হয়।বিহুৰ সময়ত বিভিন্ন ধৰণৰ পিঠা-পনা, জা-জলপান ,দৈ-ক্ৰীম,শাক-পাত ,চাউল-মাহ ,মাছ-মাংস আদি যোগাৰ কৰি নিজৰ পৰিয়াল ,মিটিৰ-কুটুম , ওচৰ-চুবুৰীয়া বন্ধু-বান্ধৱ আদিৰ লগত আনন্দ মনে এসাজ খায় ।এতিয়া অৱশ্যে সময়ৰ গহ্বৰত ইয়াৰ বহু খাদ্য লোপ পাইছে যদিও কিছু ভাল লগা অসমীয়া খাদ্য এতিয়াও আছে। ভোগালী বিহুৰ প্ৰতিটো দিশতে সম্প্ৰীতি আৰু একতাৰ ভাৱ বিৰাজমান। উৰুকাৰ নিশা (মাঘ বিহুৰ আগদিনা) গাঁৱৰ মানুহে একেলগে ভেলাঘৰত ভোজ খায়। ভেলাঘৰ বাঁহ, কাঠ, খেৰ আৰু নৰাৰ পৰা সৃষ্টি কৰা এক অস্থায়ী গাঁথনি বা সৃষ্টি। মাঘ বিহুৰ বাবে নিৰ্মাণ কৰা আন এটা গাঁথনি হৈছে মেজি: বাঁহ, কাঠ আৰু খেৰৰ পৰা প্ৰস্তুত কৰা এটা টাৱাৰ। এইবোৰ হয় নামঘৰৰ কাষত বা বাছনি কৰা পৰিয়ালৰ চোতালত নিৰ্মাণ কৰা হয়। মন কৰিবলগীয়া যে এই গাঁথনিবোৰ গাওঁখনৰ লোকসকলৰ মিলিত প্ৰচেষ্টাৰ জৰিয়তে নিৰ্মাণ কৰা হ’য়। উৎসৱত সম্প্ৰদায়ৰ মনোভাৱৰ প্ৰতি একাত্মতা ৰাখি, প্ৰতিটো পৰিয়ালে উৎসৱৰ বাবে কেঁচা সামগ্ৰী সামৰ্থ্য অনুসৰি অৰিহণা যোগায়। উৰুকাৰ দিনা পালন কৰা আন এক পুৰণি পৰম্পৰা হৈছে মাছ ধৰা, য’ত এখন গাঁৱৰ মানুহে নদী বা সামূহিক পুখুৰীত একেলগে মাছ ধৰে। এই ধাৰাটো উৰুকা ভোজৰ বাবে বিভিন্ন সুস্বাদু খাদ্য প্ৰস্তুত কৰাৰ দিশে যায়। মাঘ বিহুৰ এক অনন্য আৰু আমোদজনক পৰম্পৰা হৈছে চুৰি কৰা, বেছিভাগ গাওঁৰ ডেকা ল’ৰাৰ দ্বাৰা জড়িত এই আমোদজনক কাৰ্য! চুৰিৰ সামগ্ৰীবোৰত ভোজৰ বাবে খেৰ, বাঁহ, আৰু পাচলি আৰু কুকুৰা অন্তৰ্ভুক্ত থাকিব পাৰে। অৱশ্যে, এনে ধৰণৰ দুষ্টকাৰ্য্যক সাধাৰণতে উপেক্ষা কৰা হয় কিয়নো সকলোৱে উদাৰ আৰু উৎসৱৰ মেজাজত থাকে। ভোজৰ পিছত, ৰাতিটো জুইৰ চাৰিওফালে পৌৰাণিক কাহিনীবোৰ স্মৰণ কৰা আৰু ভিন্ন খাদ্য সম্ভাৰ ভাগ বতৰা কৰাত অতিবাহিত হয়।

                     পিছদিনা, অৰ্থাৎ মাঘ বিহুত মানুহে শীতৰ হিমশীতল ৰাতিপুৱাৰ মেজিজ্বলাৰ সাক্ষী হয়। চাউল, মাহজাতীয় শস্য, ঘিউ আৰু পিঠা (জলপান) সূৰ্য-দেৱতাক নৈবেদ্য হিচাপে জুইত ঢালি দিয়া হয়। মেজীৰ জ্বলা-পোৰা অন্ধকাৰৰ ওপৰত পোহৰৰ জয়, আৰু মৃত্যুৰ ওপৰত জীৱনৰ প্ৰতীক। অসমৰ কিছুমান জাতি-জনজাতীয় সম্প্ৰদায় যেনে সোণোৱাল কাচাৰি, ডিমাচা আৰু ৰভাসকলে মেজীজ্বলাক পূৰ্বপুৰুষৰ উপাসনাৰ সৈতে সংযুক্ত কৰে। এই সন্দৰ্ভত, মেজীয়ে মহাকাব্যিক যোদ্ধা ভীস্মৰ অন্ত্যেষ্টিক্ৰিয়াক প্ৰতিনিধিত্ব কৰে। জনশ্ৰুতি অনুসৰি ইচ্ছাকৃত মৃত্যুৰ আশীৰ্বাদত আশীৰ্বাদপ্ৰাপ্ত ভীষ্মই সূৰ্য উত্তৰায়ানলৈ পৰিৱৰ্তন হোৱাৰ পিছতহে তেওঁৰ নশ্বৰ শৰীৰ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। সেয়েহে, মেজীৰ জুইয়ে সম্প্ৰদায়ৰ কল্যাণৰ বাবে পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ ৰখাৰ বাবে এটা প্ৰতীকী আখ্যানকো প্ৰতিনিধিত্ব কৰে। পুহে বিদায় লোৱাৰ লগে লগে মেজি জ্বলি যায় আৰু মাঘ নামি আহে।পানী-শিলইৰ গৰ্জনৰ শব্দই (পানীভৰ্তি সেউজীয়া বাঁহৰ টুকুৰা যি জুই লগালে কামানৰ দৰে বিস্ফোৰিত হয়) শীতকালৰ সমাপ্তি আৰু মাঘৰ বিজয়ী আৰম্ভণি ঘোষণা কৰে। মাঘৰ বিহুৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হৈছে ওচৰ-চুবুৰীয়া মিটিৰ- কুটুম বা গাঁৱৰ ৰাইজে মিলা-প্ৰীতিৰে খোৱা উৰুকাৰ ৰাতি ভোজটো । ইয়াৰ উপৰি গোটেই ৰাতি বহুতে মেজিৰ ওচৰত বহি উজাগৰে কটায় ।মাঘ বিহুৰ মেজিটোৰ এক বিশেষ গুৰুত্ব আছে অঞ্চল বিশেষে । ঠাইভেদে বিহুৰ মেজিৰ ৰূপো বেলেগ বেলেগ ।উৰুকাৰ নিশা ৰং ধেমালিৰ অন্তত পুৱা সূৰ্য উদয়ৰ আগতে গা ধুই আহি মেজিত জুই দিয়া হয় ।সমাজত অপায় অমঙ্গল আদি দূৰ কৰাৰ বাবে সকলোৱে মেজিত মাহ ,চাউল,তিল , তামোল -পাণ ,পইচা আদি দি অগ্নিদেৱতাক প্ৰণাম কৰে । মাঘ বিহুৰ অন্য এক পৰম্পৰা অনুসৰি উজনি অসমত প্ৰথম বিহুৰ দিনা পুৱাই কাঠআলু ,মোৱা আলু আৰু ৰঙা আলু খোৱা নিয়ম । মাঘ বিহুত আলু খালে শৰীৰে যথেষ্ট শক্তি লাভ কৰে আৰু নাখালে বেমাৰ -আজাৰ হয় বুলি প্ৰবাদ আছে ।
              খোৱা -বোৱাৰ উপৰি মাঘ বিহুৰ আনন্দৰ আন এটা আকষৰ্ণীয় দিশ হ'ল বিভিন্ন খেল -ধেমালিৰ প্ৰতিযোগিতা ।এই বিহুত বিশেষকৈ ম'হ যুঁজ , কণীযুঁজ ,কড়ি খেল , পইচা খেলা ,নাৰিকল ভঙা, টেকেলি ভঙা,বুলবুলি চৰাইৰ যুঁজ আদি অনাষ্ঠিত হয় ।ঠাইভেদে বেলেগ বেলেগ খেলৰ আয়োজন কৰা হয় ।বিশেষকৈ হাজোৰ অঞ্চলৰ বুলবুলি চৰাইৰ যুঁজ অতি জনপ্ৰিয় । মাঘবিহুৰ সময়ত আন এটা উল্লেখনীয় দিশ হ'ল -সমূহীয়াভাবে মাছ মৰা ।কোনো কোনো ঠাইত ৰাইজ একগোট হৈ সৰুখেল , বৰখেল আদি নামেৰে ৰাজহুৱাভাবে মাছ মাৰে আৰু সমজুৱাকৈ বিতৰণ কৰি আনন্দেৰে মিলি-জুলি ভোজভাত খায়। বৰ্তমানৰ প্ৰজন্মই কিমান শ্ৰদ্ধাৰে ইয়াৰ লোকাচাৰ সমূহৰ বিষয়ে অৱগত সেয়াও চিন্তনীয় বিষয় ।সম্প্ৰতি আমাৰ হাতত সংস্কৃতিৰ সমল যথেষ্ট আছে আৰু তাৰধাৰা ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰসাৰ কৰিব পাৰিলেহে সংস্কৃতি যোগমীয়া হৈ ৰ'ব বুলি আশা পোষণ কৰিব পাৰি ।বৰ্তমান সময়ত যদিও মাঘ বিহুৰ সৈতে জড়িত পুৰণি নিয়মবোৰ কিছু পৰিমানে লোপ পোৱাৰ কাৰণ হিচাপে খেতি-বাতিৰ পৰিমান কমি যোৱাৰ হেতু খাদ্য-বস্তুৰ নাটনিয়ে দেখা দিছে।ফলত মাঘ বিহুৰ আনন্দ -উল্লাস যথেষ্ট লোপ পাইছে ।বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনৰ তাগিদাত পৰি মানুহে মাঘবিহুৰ পৰম্পৰাৰ পৰা বহুখিনি ফালৰি কাটিছে ।অৱশ্যে আনন্দৰ কথা এয়ে যে গাঁও অঞ্চলত বিশেষকৈ কৃষক ৰাইজে প্ৰতিবছৰে মাঘবিহু পালন কৰি আহিছে আৰু লগতে থলুৱা ৰীতি-নীতিকে আদি কৰি অগ্নি দেৱতাকো সেৱা সৎকাৰ কৰা নিয়ম-আচাৰ বৰ্তমানো বৰ্তি আছে। এনেদৰে সকলো দেৱতাৰ প্ৰতিনিধি স্বৰুপে অগ্নিদেৱতাক মানুহে পূজা-অৰ্চনা কৰাৰ প্ৰথা অতীজৰে পৰা চলি আহিছে। মেজি বা ভেলাভৰত অগ্নিস‌ংযোগ কৰাৰ সময়ত সকলো লোকে কামনা কৰে যাতে সমাজৰ পৰা অশুভ শক্তিসমূহৰ নাশ হয় বুলি বিশ্বাস কৰা হয়। লোকবিশ্বাসৰ মতে, এনেদৰে মেজি জ্বলালেহে ঠাণ্ডা আঁতৰে৷ সেয়ে ৰাতি ভেলাঘৰত থাকি মেজি ৰখি থকা ডেকাসকলে গৃহস্থৰ কোনোধৰণৰ অনিষ্ট নোহোৱাকৈ জেওৰা বা তেনেধৰণৰ শুকান বাঁহ চুৰ কৰি আনি তাৰে পুৱা মেজি জ্বলায়৷ জেওৰা বা শুকান বাহঁ কেৱল এঘৰ মানুহৰ পৰা নানে, কম কমকৈ কেইবাঘৰৰ পৰা আনে৷ যিকেইঘৰৰপৰা জেওৰা চুৰ কৰা হয়, তেওঁলোকে তাক ৰাইজৰ আশীবাদ বুলি ভাবে৷ মাঘ বিহুত আলু নাখালে পাছৰ জন্মত গাহৰি হৈ আলু খান্দি খাই ফুৰিব লাগে বুলি বিশ্বাস আছে৷ সেয়ে মেজি পুৱাৰ দিনা মেজিৰ জুইতে মিৰি আলু, গৰীয়া আলু, মোৱাচীনা আলু পুৰি খোৱাৰ নিয়ম কোনো কোনো অঞ্চলত বতি আছে৷ সেয়ে ভোগালী বিহু হৈছে এনে এটি উৎসৱ যাক আমি ভোগৰ উৎসৱ বুলিও ক’ব পাৰো। উৰুকা বা তাৰ আগৰে পৰা অসমীয়া সমাজৰ জীয়ৰী বোৱাৰীসকলে নিজৰ ঘৰতে বা অন্য ঠাইত লগ হৈ বিভিন্ন সুস্বাদ্য খাদ্য সামগ্ৰী যেনে লাৰু, পিঠা, চিৰা, দৈ অদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে।
 
      সময়ৰ লগে লগে, মাঘ বিহু উৎসৱ আৰু ইয়াৰ সৈতে সম্পৰ্কিত ৰীতি-নীতি আৰু আচৰণ যথেষ্ট পৰিৱৰ্তন হৈছে। যদিও অসমৰ অৰ্থনীতি এতিয়াও প্ৰাথমিকভাৱে কৃষিভিত্তিক, তথাপিও বহুতো পৰিয়ালে খেতি ত্যাগ কৰি চহৰলৈ স্থানান্তৰিত হৈছে। মূলতঃ শস্য চপোৱা উৎসৱ হোৱাৰ বাবে, গ্ৰাম্য-কৃষি পৰিৱেশৰ পৰা আঁতৰালে বিহুৰ অনুৰণন সলনি হয়। বহুতো চহৰত বাস কৰা পৰিয়ালৰ বাবে, বিহু উদযাপন কোনো সামূহিক অনুষ্ঠান নহয়। বৈদ্যুতিক পাকঘৰৰ সঁজুলিবোৰে বিহুৰ সুস্বাদু খাদ্য প্ৰস্তুত কৰাৰ পৰম্পৰাগত পদ্ধতিৰ সলনি কৰিছে যাৰ বাবে দলবদ্ধ কাম আৰু সহযোগিতাৰ প্ৰয়োজন। পেকেটযুক্ত পিথাবোৰে একেদৰে ঘৰত বনোৱা পিঠাবোৰৰ ঠাই লৈছে। পৰম্পৰা, ৰীতি-নীতি আৰু আচাৰ-আচৰণ প্ৰকৃতিৰ দ্বাৰা গতিশীল। সময়ৰ সৈতে তাল মিলাবলৈ অৱশ্যেই ই বিকশিত হৈ থাকে। সকলো পৰিৱৰ্তন গতিশীলতাৰ স্বত্বেও, ভোগালী বিহুৰ কেন্দ্ৰত এক সংগ্ৰামৰ চেতনা আছে। এইটো হৈছে প্ৰকৃতিক ইয়াৰ সীমাহীন উপহাৰৰ বাবে ধন্যবাদ জনোৱা, বহনক্ষম জীৱন ধাৰণৰ প্ৰণালীৰ প্ৰশংসা কৰা, সহ-নিৰ্ভৰশীল সমাজ হিচাপে সম্পদ উপভোগ আৰু ভাগ-বতৰা কৰা, আৰু সমাজৰ সৈতে সম্পৰ্কিত ভাৱনা শক্তিশালী কৰাৰ এক উপলক্ষ। 

✍️সুশান্ত দাস
গৌৰীসাগৰ, শিৱসাগৰ।
যোগাযোগ : ৯১২৭২৪৭৫১৯

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)