দেউতা-ৰজনী কুমাৰ ডেকা

©Admin
0
দেউতা তুমি কেতিয়া আহিবা ?
বোপাই তই কুশলে আছনে ?
এই শব্দবোৰ যেন আজি
লাহে-লাহে বিলুপ্তি পাবলৈ ধৰিছে 
সম্বোধনৰ ৰহণতো যেন আমি
ঘৰৰ মজিয়াতে বিদেশীৰূপ লৈছোঁ 
পিতৃ-মাতৃৰ সম্বোধনৰ ভুল শিক্ষাই
ল‘ৰা-ছোৱালীক প্ৰকৃত সম্বোধনৰ পৰা বঞ্চিত কৰিব লৈছে ৷
হয় বিজ্ঞানৰ যুগত আমি
আগুৱাই যাবই লাগিব ৷
মাথোঁ সম্বোধনেৰে নহয়,
শিক্ষা আৰু কৰ্মৰেহে ৷
"আমি অসমীয়া নহও দুখীয়া 
কিহৰ দুখীয়া হ'ম" 
যুক্তিৰ কথাবোৰ যেন এদিন
অযুক্তিকৰ হৈ পৰিব ,
এটি-দুটিকৈ অৰ্থবোৰ জহি-খহি যাব ৷
আহক আমি অতীতৰ সম্বোধন আৰু পৰাম্পৰাবোৰ জীয়াই ৰাখি
নতুন দিগন্তলৈ আগুৱাই যাওঁ ৷

     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)