তুমি নুবুজিবা দেউতা-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
সপোনৰ দুৱাৰদলিত অকণমান
থিয় দি মূৰত হাত বুলাই দিয়ানা
এবাৰ মোৰ অভিমানী হিয়াখনি
জুমি চোৱানা।
তোমাৰ লগত প্ৰতি নিশাই
কথা পাতো উচুপি উচুপি
তুমি যে মৌন হৈ থাকা
মোৰ জানো ভাল লাগে কোৱা
মোৰো মন নাযায়নে দেউতা
দিঠকত নোপোৱা মৰম
সপোনতে প্ৰতি পলে পাবলৈ।
কিয় বুকুত ইমান আঘাত দি
গুচি গ'লা দেউতা
সমাজৰ মানুহলৈ মোৰ
বহুত ভয় লাগে অ' দেউতা
সাহসী নহ'লেও তেনেকৈ 
তোমাৰ অনুপস্থিতিত জীয়াই আছোঁ
সপোনবোৰ বুকুত সাৱটি ।
পিছলি যোৱা দুভৰিৰ আঘাত
কেতিয়াবা বৰ বেয়াকৈ লাগে
মৰম কিমান দেউতা
অভিমানীৰ অভিমান কি
তোমাৰ বাবে জানানে দেউতা
না দেউতা তুমি নুবুজিবা
তোমাক মই প্ৰকাশেই কৰিবলৈ 
নাপালোঁ যে তুমি কেনেকৈ বুজিবা ।
যদিহে  জীৱন বাটত তুমি
মোৰ সাৰথি হৈ থাকিলাহেঁতেন
তেতিয়া হয়তো প্ৰযোজ্য হ'লহেঁতেন অনুভৱৰ জীয়া কবিতাবোৰ 
তোমাক বুজাব পাৰিলোহেঁতেন
মৰম ভালপোৱাবোৰো দেখিলাহেঁতেন দেউতা।
এতিয়া প্ৰতিটো কাহিনীয়ে
তোমাৰ নামত উৎসৰ্গিত 
হৈ ৰ'ল উকা পৃষ্ঠাত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)