একো নাথাকিও সকলো আছে মোৰ
দিনত খিলখিলাই হাঁহি,
নিশা উমি উমি উচুপাবোৰৰ দৰে মই নহয়
কৃত্ৰিম মূখাৰ আঁৰত লুকুৱাই থ'ব নোৱাৰো মই
হুমুনিয়াহৰ হেলনীয়া আবেলিবোৰ..
তথাপি নিসংগতাৰ সৈতে মোৰ সহবাস
বহুযুগৰ, বহুদিনৰ...
এন্ধাৰৰ সৈতে মোৰ আজন্ম প্ৰেম
পোহৰবোৰক এন্ধাৰ কৰি
খেপিয়াই ফুৰো
মোৰ একমাত্ৰ সপোনটোৰ সন্ধানত
কান্ধত কঢ়িয়াই ফুৰো
জীৱন জীয়াৰ যুঁজ
কি কৰিম কোৱা
এন্ধাৰতেই যে বিচাৰি পাওঁ
জীয়াই থকাৰ মাদকতা..
মই এনেকুৱাই,
কাঁইটৰ আঁচোৰ লৈ হাঁহিব পাৰোঁ
মোহাৰি মচিব পাৰোঁ দুখৰ দাগবোৰ
হিয়া উজাৰি দিব পাৰোঁ ভালপোৱা..
ৰংচঙীয়া বিলাসিতা মোক নালাগে
নিৰৱ পঁজাঘৰ এটাত মই থাকিব বিচাৰোঁ
য'ত সৰু সৰু সুখবোৰে
জোনাকী পৰুৱা হৈ আৱৰি ৰাখিব
মোৰ আশাৰ আকাশ..
হয়তো মই ভালপাব নাজানো
জোকাৰি সৰাব নাজানো শৰতৰ শেৱালী
চিঙি আনি উপহাৰ দিব নোৱাৰোঁ কাঁইটীয়া গোলাপ
মই পিছে ফুল ৰুৱ জানো,
যি এপাহ দুপাহকৈ ফুলি
নমাই আনিব পাৰে পিৰালিৰ জোনাক
পোৱা-নোপোৱাৰ মাজত দুলি থাকো
মই আৰু মোৰ পৃথিৱী
আৰু বুকুত লৈ ফুৰো
এমুঠি ভালপাব নজনা ভালপোৱা...
কি কৰিম কোৱা
উপায়টো নাই
মই এনেকুৱাই....।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ