এটি স্মৃতি নিশেষৰ দিশত -নৱজিৎ নাথ

©Admin
0
 ছিপাঝাৰ মহাবিদ্যালয়ৰ
 কলেজীয়া দিনৰ আপোন 
  স্মৃতিবোৰ এতিয়া নিশেষ হ'ল।  
  ভাল লগা মধুৰ ক্ষণবোৰ, 
  আপোন বন্ধু আৰু বান্ধৱী আৰু 
   হাঁহি ধেমালিৰ বোৰ নাইকীয়া হ'ল। 
  
কেতিয়াবা কৰবাত 
আকৌ লগ হ'লে, 
আকৌ স্মৃতিৰ জোলোঙাৰ
প্ৰতিটো অনুভৱবোৰ সুৱৰিম, 
বেলেগ বন্ধুক গৌৰৱে কম  
  আমি একেলগ পঢ়া, 
 একোটা বিভাগৰে
 একোখন বেঞ্চৰে ,অথবা, 
 একোখন কলেজৰ ভাল বন্ধু।। 

সময় পৰিবৰ্তন সোঁতত ,
লাহে লাহে বন্ধুত্ব 
গভীৰতা আৰু মৰম নাইকিয়া হৱ ;
এদিন প্ৰত্যেকৰে মোৱাইল
 কন্তেক লিচ‍্টৰ  
 একোজন একোজন সদস্য হল।।
 
কেতিয়াবা মন গ'লে 
ফোনত কথা,আকৌ
মন  নগলে নাই , 
ফোন কৰিলে মাথোঁ
 উওৰ এটায়ে  
সময় পোৱা নাই । আৰু 
থাকিব অলেখ অজুহাত ।।     

কেতিয়াবা ফেচবুক 
ষ্টৰিত সমধুৰ গীতত ,
 আন কেতিয়াৱা আকৌ,
 ৱাটচপৰ ষ্টেটাছত, 
 কেতিয়াবা মন গ'লে,  ৰিপ্লায়,
 মন নগলে তাকো নহব ।।
 সঁচাকৈ বন্ধুত্বৰ সম্পৰ্ক বোৰ 
 এইদৰে আমাৰ মাজত পৰা  
 এদিন হেৰুৱাই যাৱ নেকি বাৰু ..?
  
মাথোঁ ,আপোন  মহাবিদ্যালয়ৰ
আপোন সেই ঠাইটুকুৰা , 
কৃষ্ণচূড়াৰ সেই মিঠা হাঁহিটো, 
নাহৰ নিৰিৱিলি ছাঁৰ 
তলত বহা মধুৰ সময় বোৰ । আৰু    
হাঁহি ধেমালিবোৰ আৰু 
ফটোৰ খিলখিলনী বোৰ।
হয়তো কেতিয়াও পাহৰিব নোৱাৰিম।।

আমাৰ আপোন দৰ্শন বিভাগৰ  
ছাৰহঁতৰ অগভীৰ মৰমবোৰ ,
অকৃত্ৰিম হাঁহি বোৰ  
আৰু  প্ৰিয় ক্লাছ বোৰৰ কথা 
জীৱনৰত কেতিয়াও পাহৰিবলৈ নোৱাৰিম।। 
 
   বিভাগৰ সন্মুখত‌ 
কেতিয়াবা দুই এটা ধেমালি 
 আন কেতিয়াবা কাজিয়া।
 লিক্ষ্মীমিত চাহৰ জুতি বোৰ।
 কেন্টিনৰ চিঙৰাৰ আদ্দা বোৰ।
 আজি সকলো স্মৃতিবোৰ
 হৃদয়ৰ সেউজীয়া মানস পৃষ্ঠাত, 
  সদায় উকা উৰুঙা উদাস হৈ ৰৱ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)