পৃথিৱীৰ সকলো জ্ঞান সংৰক্ষণৰ ক্ষমতা কেৱল কিতাপত আছে। মানুহৰ উৎপত্তিৰ পৰা আজিলৈকে সভ্যতাৰ সকলো জ্ঞান জানিবলৈ কিতাপ পঢ়াৰ কোনো বিকল্প নাই। নিত্য পৰিৱৰ্তিত পৃথিৱীৰ লগত খোজ মিলাবলৈ হ’লে কিতাপৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব লাগিব। সত্য, সৌন্দৰ্য্য আৰু মংগলৰ পথত মানুহৰ দৈনন্দিন সংগী কেৱল এখন কিতাপেই হ'ব পাৰে। কিতাপ পঢ়ি মানুহে বিজ্ঞানৰ আচৰিত আৱিষ্কাৰৰ বিষয়ে জানিব পাৰে। আৰু এই তথ্যই জীৱনটো আনন্দময় কৰি তোলে। কিতাপে মানুহক জীৱন সংগ্ৰামত প্ৰেৰণা দিয়ে। যন্ত্ৰণা আৰু দুখ-কষ্টৰ মাজত কিতাপ পঢ়াৰ যোগেদি সুখ আহে। হতাশাৰ মাজত জাগি উঠে এক নতুন আশাৰ পোহৰ। অকলশৰীয়া মুহূৰ্তত কিতাপে মানুহক প্ৰকৃত বন্ধুৰ সহায় কৰে। মানুহৰ সকলো কৃতিত্ব শেষ হ’লেও কিতাপৰ পৰা লাভ কৰা জ্ঞান চিৰদিনৰ বাবে থাকে। পাৰ্চী সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কবি ওমৰ খায়্যামৰ কবিতাটোত কৈছে- আমাৰ ৰুটি, মদ শেষ হ'ব। প্ৰিয়াৰ ক'লা চকু ডাৱৰীয়া হৈ পৰিব। কিন্তু পুথিভঁৰালটো চিৰযৌৱন থাকিব। যদি এতে এখন ভাল কিতাপ থাকে। সকলো কিতাপেই মানুহৰ জীৱন সুখী আৰু সমৃদ্ধিশালী কৰিব নোৱাৰে। কিতাপখন বাছনি কৰাটোও অতি গুৰুত্বপূৰ্ণ কথা। কাৰণ পাঠকে কেনেধৰণৰ কিতাপ পঢ়িব, সেয়া পাঠকৰ ৰুচিৰ ওপৰত হে নিৰ্ভৰ কৰে ।
✍️আব্দুল কাদেৰ মিঞা
দক্ষিণ শালমাৰা মানকাচাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ