অভাৱ-এইটো জানো কবিতা - গৌৰব হাজৰিকা

©Admin
0
                  (১)
শব্দৰ অভাৱত আজি এই কবিৰ অস্তিত্ব হীন,
তথাপিও থোকাথুকি অৱস্থাৰে তুলি লৈ আকৌ এবাৰ কলম,
শব্দৰ ৰুদ্ৰ তাণ্ডৱত বিলীন হ'ব এই কবিৰ নৌকা।

                  (২)
মাজনিশা অমাৱস্যাৰ আন্ধাৰ ফালি,
তথাকথিত ভদ্ৰলোকৰ ভয়ংকৰ খেলা।
কোনোজন যদি ঘোচ লোৱাত ব্যস্ত,
আকৌ অন্য জনে পাৰ কৰে পৰস্ত্ৰীৰ বেলা।।
  
                  (৩)
টকাই সকলো হোৱা এই আধুনিকতাত,
জীৱশ্ৰেষ্ঠৰ আচৰণ দেখি পশুগণে আজি কিৰিলী মাৰিছে।
জ্ঞানীৰ মুখা পিন্ধা সকলে,ভদ্ৰতাৰ আচৰণে,
নিৰ্বলীক আঘাত হানিছে ।
 তথাকথিত সেই ভদ্ৰলোকৰ ইয়াত জ্ঞানৰ অভাৱ ঘটিছে।।

                 (৪)
দুখীয়াৰ ভগা পজাঁত মানৱীয়তাৰ পূৰ্ণ কলহ,
ঠায়ে ঠায়ে আজিও বিৰাজমান।
আধুনিকতাৰ জোৰত ভদ্ৰ হোৱা কেইজনৰ,
আজিও অভাৱ প্ৰকৃত ব্যক্তিতৰ।।

                 (৫)
শব্দৰ চাকৈনয়াত কবিৰ নৌকা আজি ডুবো ডুবো,
তথাপিও নৌকা উভতাই নানো।
শ্ৰেষ্ঠতাৰ শীৰ্ষত জীৱশ্ৰেষ্ঠৰ আজি দপদপনি,
একবিংশ শতিকাটো প্ৰকৃত মানৱতাৰ,
অভাৱ আজি।।
                 (৬)
সুৰাত মত্ত প্ৰেয়স-প্ৰেয়সীৰ আজি মাতাল ৰাতি,
ঘৰৰ আৰ্দশ সংস্কাৰৰ বলাৎকাৰ আজি।
জেষ্ঠ জনৰো আদৰ্শ আজি ধোঁৱাচাঙত,
সকলোৱে মাথোঁ ভাগ লৈছে টকা উপাৰ্জনৰ দৌৰত।।
 ইয়াত ৰাইজৰ প্ৰকৃত জ্ঞানৰ অভাৱ।।

                (৭)
সকলো দেখি-শুনিও বিজ্ঞজন আজি নিমাত,
সচেতন মহলাত চলা বৈঠকত সচেতনতাৰ অভাৱ।
যি কেইজনমান বিজ্ঞই মাত মাতিছে,
সেইকেইজনকো আঘাত হানিছে।।
ইয়াত জীৱশ্ৰেষ্ঠৰ সাহসৰ অভাৱ ঘটিছে।

                (৮)
থিক বেজবৰুৱা দেৱৰ দৰেই,
কবিতা হ'লেও হ'ব নহ'লেও নাই বুলি কবিয়ে আজি কলম ধৰিছে।
শব্দৰ চাকৈ নয়াত কবিৰ আজি নৌকা ডুবিছে।
সকলোবোৰ সময়ৰ সোঁতত এৰি,
কবি আজি ৰসাতলে গৈছে।।



✍️গৌৰব হাজৰিকা
     টিয়ক, যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)