কিমান যে জয়াল!
কঢ়িয়াই আনে কেতিয়াবা বিষাদৰ বন্যা
নাইবা সন্তুষ্টিৰ ছায়া।
এয়া,এডাল-দুডালকৈ শুকান খৰিবোৰ জাপি
চোতালৰ এমূৰতে জুইকুৰা ধৰিছোঁ,
অগ্নিৰ কি মায়া!
ঠাণ্ডাত কঁপি থকা সমগ্ৰ শৰীৰতেই
অগ্নিৰ উত্তাপ লভি পাহৰি পেলাইছো
দিনটোৰ কঠোৰ পৰিশ্ৰমৰ ভাগৰ-যন্ত্ৰণা।
জুইৰ সেক্ লৈ কথাৰ মহলা মাৰি
বহি পৰোঁ আইৰ কাষতে,
এয়া,জু-হালত ৰন্ধা আইৰ হাতৰ তৃপ্তিদায়ক আঞ্জা;
বাঃ! সোৱাদৰ আমেজেই সুকীয়া।
উমাল গৰম বস্ত্ৰৰ উম লৈ
শুই পৰিছো নিদ্ৰাদেৱীৰ কোলাত শান্তিৰে,
দিনটোৰ ব্যস্ততাৰ মাজৰ ক্ষণবোৰ গণি
ভৱিষ্যতৰ পৰিকল্পনা মনতে ৰচি।
কোনোবা শুই পৰিছে ৰাস্তাৰ দাঁতিত
পেটৰ ভোকত ছটফটাই
জাঁৰত পেপুৱা লাগি,
দেখিও নেদেখা হৈ অৱহেলা কৰি
চাৰিওফালে দৌৰি ফুৰিছো
কেৱল আত্মসুখ বিচাৰি।
কোনোৱে আগবাঢ়ি আহি যাচি যোৱা নাই
দুৰ্ভগীয়াজনক কেইটিমান অন্ন,
জাঁৰত কঁপি কঁপিয়েই শীতৰ সেমেকা ৰাতিবোৰত
তেওঁলোক নিদ্ৰাত মগ্ন।
এয়াই শীতৰ সেমেকা ৰাতি
কোনোজনৰ বাবে কঢ়িয়াই সুখৰ ঠিকনা,
জয়াল ৰাতিবোৰৰ মধুলগনত
কোনোজনৰ বাবে দি যায় দুখৰ বেদনা।
✍️কল্পনা বৰা
গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ