কাব্যশ্ৰীৰ চিঠি (অণুগল্প) - সীতা দেৱী

©Admin
0

যৌৱনৰ উত্তাল তৰংগত উটি ভাঁহি দিক্ বিদিক্ হেৰুৱাই কল্পনাৰ ৰঙীন পাখি লগাই কাৰো কথা নুশুনি জেকবৰ প্ৰেমত পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৌভাগ্য শালী বুলি ভাবি মা-দেউতা , গুৰু গোসাঁই নমনা হৈছিলোঁ। মা - দেউতাৰ হাজাৰ বুজনিয়ে কামত দিয়া নাছিল। প্ৰেমৰ ৰাগীত মজি জেকবৰ ছলাহী কথাত ভোল গৈ এদিন তাৰ লগত যুগ্ম জীৱনৰ মিঠা সপোন অংকন কৰি কেৰেলাত থকা তাৰ সম্পৰ্কীয় মোমায়েকৰ ঘৰলৈ পলাই গ'লো । কেৰেলাত জেকবৰ ভণ্ড প্ৰেমিকৰ চৰিত্ৰ ওলাই পৰিল। মই বাস্তৱিক জীৱনলৈ ঘূৰি আহিছিলোঁ। কিন্তু মই কৰা ভুলৰ প্ৰায়চিত্ত কৰাৰ সময় উকলি গৈছিল। যেতিয়া জেকবে মুখত মদৰ গিলাচ বাকি দি মোক তাৰ বন্ধুৰ হাতত তুলি দিছিল। তাৰ পিছত মোৰ আৰু কোনো উপায় নাছিল। মোক ক্ষমা কৰিবা মা। একমাত্ৰ সন্তান হৈ কেৱল নিজ জেদ পূৰণ কৰাৰ ফল হাতে হাতে পালোঁ।
          পৰিত্যক্ত অৱস্থাত কেৰেলাৰ সেই নিৰ্দিষ্ট চহৰখনৰ অজ্ঞাত গলি এটাত কাব্যশ্ৰীৰ নশ্বৰ দেহ চমজি ল'বলৈ যোৱা মাকে তাইক ঢাকি ৰখা বগা কাপোৰ খন জোৰে আঁতৰাই দিয়াত লদা হৈ থকা কাগজ এখিলা পালে। কাগজ খিলা পঢ়ি হুক হুকাই কন্দাৰ বাদে মাকৰ আন উপায় নাছিল। দেউতাক নিথৰ হ'ল আৰু জেকব হেনো পলাতক ।

✍️সীতা দেৱী, বিহপুৰীয়া, লখিমপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)