কঁপাই যায় কলিজা,
অন্তৰেৰে কামনা কৰোঁ সদায়েই যেন
উজ্বলি থাকে সেই দীপ্তি।
তোমাক দেখিলে অনুভৱ হয়
তোমাৰ প্ৰতি মোৰ স্নিগ্ধ আকৰ্ষণ;
তোমাৰ দৰ্শনে মোৰ হৃদয়ত
জোৱাৰ তোলে পৰম শ্ৰদ্ধাৰ।
এনে লাগে যেন ত্ৰিবেণীত স্নান নকৰাকৈয়ে
মোৰ পাপৰ খণ্ডন হল।
তোমাৰ হাতৰ পৰশত প্ৰকাশিত মমতাই
খুলি দিয়ে হৃদয়ৰ ৰুদ্ধ দুৱাৰ।
তুমি কাষত থাকিলেই যেন
অনায়াসে বিচাৰি পাওঁ আন্ধাৰৰ মাজতো পোহৰৰ বাট।
তোমাৰ নীলাভ দুচকুলৈ চালে
অনুভৱ কৰোঁ আকাশৰ বিশালতা।
তোমাৰ কোলাত জিৰণি ললে
অনুভৱ হয় সাগৰৰ গভীৰতা।
তোমাক দেখিলেই পাহৰি যাওঁ
চৰম একাকীত্বৰ বেদনা;
এনে লাগে যেন, মোৰ মন আকাশত
উৰন্ত , পবিত্ৰ শুকুলা মেঘৰ বিচিত্ৰ মেলা বহিছে।
তোমাৰ মুখৰ ভংগী, ওঁঠৰ হাঁহিত দয়া, ক্ষমা, মমতাৰ পৰশ;
যি পৰশে হৃদয়ত জগাই তোলে
জীয়াই থকাৰ অভিলাষ।
দুচকুৰ কোমল চাৱনিত
সহজ আনন্দ আৰু সৌন্দৰ্য্যৰ প্ৰতিচ্ছবি,
যত প্ৰকাশ পায় তোমাৰ বিশাল অন্তৰৰ
মমতাৰ সাগৰৰ গভীৰতা।
তোমাৰ দুচকুত প্ৰস্ফুটিত হয়
জীৱনৰ গভীৰতম উপলব্ধি, মধুৰ মাতৃত্ব।
মা, মহান তোমাৰ এই মাতৃত্ব।।
✍️কুমকুম গগৈ
শিৱসাগৰ, অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ