বনভোজ -নিবেদিতা দাস কলিতা

©Admin
0
 সকলোৱে মিলি বনভোজলৈ যাব ,তাকে দেখি ৰামৰ মনটো সেমেকি উঠিল ।পিতৃহাৰা ৰামক মাকে দুবেলা দুমুঠি আনৰ ঘৰত কাম কৰি খোৱাই আছে ।তাৰ বাবে বনভোজলৈ যোৱাটো আকাশত চাং পতাৰ দৰেই ।
জুহালত মাকে ভাত ৰান্ধি আছে ।সি ক'লে "মা , হাজোক পঞ্চ তীৰ্থ বুলি কয় হয়নে ? আমাৰ স্কুলৰ পৰা তালৈ বনভোজলৈ যাব ।"
তাৰ কথাত সঁহাৰি জনাই মাকে ক'লে "আমাৰ পেটৰ চিন্তা বোপা এইবোৰ বাদ দে ,ভালদৰে পঢ়ি ভাল মানুহ হয় এদিন সকলো ঘূৰিবি "। ওলাই আহি চকীখন আনি বহিল সি ।"ৰাম কাইলৈ ছয় বজাত বাছ আছে । তই সাজু হৈ থাকিবি, টকা পইচাৰ কথা চিন্তা নকৰিবি।"
 হৰেন ছাৰৰ কথাত তাৰ চকুলো নিগৰি আহিল ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)