কভি'ডত পৃথিৱীৰ অসুখ -নৱজিৎ নাথ

©Admin
0
বৰ্তমান বিশ্বজুৰি মহাসংকটগ্ৰস্ত
কৰ'না বিভাষিকাই কৰিলে ত্ৰাস।
পৃথিৱী এতিয়া বন্দী হৈ পৰিছে।
 এটি কোঠাৰ শ্বাসৰূদ্ধকৰ পৰিৱেশত।
কোঠাৰ ভিতৰত অলেখ মানুহৰ 
মৃত্যু কৰিলি মাথোঁ।

কভিড ১৯ সংক্ৰমনৰ প্ৰতিৰোধত
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ
 আহ্বানত সকলোতে হ'ল "তলাবন্ধ"
 চৌদিশে মাথো হাহাকাৰ
 যাতায়ত -যোগাযোগ,
 উদ্যোগ - প্ৰতিষ্ঠানৰ লগতে 
সকলো শিক্ষাপ্ৰতিষ্ঠানসমুহ হ'ল বন্ধ 
লগে লগে প্ৰকৃতি আৰু মানৱ সমাজৰ মাজত 
এক অশনি সংকেত ।

 কৰ'না মহামাৰীয়ে সমাজত
এটি নতুন দিশৰ সূচনা কৰিলে ।
প্ৰত্যেক মানুহৰ মাজত
হাত ধোৱা উপকাৰীতা গুণ সম্পৰ্কে।।
লগতে corona, covid-19 , 
quarantine,isolation ,lockdown .
একোটা নতুন বিষয়ৰ লগত হ'ল পৰিচয়।।

দেশে দেশে এই সময়ত
এটা আকুল প্ৰাৰ্থনা মাথোঁ।
নৰীয়াৰ পৰা পৃথিৱী মুক্ত হওক ।
কভিডৰ প্ৰভাৱ চিৰদিনৰ নাইকিয়া হওক।
আকৌ পুনৰ সজীৱ হৈ উঠক 
মানৱৰ পূণ্যভুমি এই পৃথিৱীখন।।

পথবোৰ মানুহৰ স্বাভাৱিক
ছন্দৰে আকৌ উজ্জ্বলি উঠক।
বেপাৰ-বানিজ্য , শিল্প সংস্কৃতিৰে,
 খেতিপথাৰ,নদী-নদীৰে , প্ৰতিটো পৰ্য্যতনস্থলী ।
 হেৰুৱাযৃই যোৱা প্ৰতিটো ক্ষণ
আকৌ প্ৰকৃতিৰ জগতখনে সকলো উভতাই পাওক ।
মহামাৰীৰ নিয়ন্ত্ৰণ সম্পূৰ্ণ ভাবে 
পৰাজিত কৰিব নোৱাৰেলৈ 
আমি প্ৰকৃতিৰ সৈতে সদায়
নিৰন্তৰ ভাবে যুঁজ দি থাকিব লাগিব।।
কেৱল নিজৰ সভ্যতাক বচাবলৈ,
সদায় সজাগ আৰু সচেতনতাৰে
মানুহৰ মাজত জিকাৰ মানসিকতাৰে 
পৃথিৱীবাসীক আগবঢ়াই নিব লাগিব। ।
 
সকলোৱে কেৱল এটাই অনুৰোধ মাথোঁ!
"ঘৰত থাকক সুৰক্ষিত হৈ থাকক" 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)