আত্মনিৰ্ভৰশীলতা-ৰেজিনা পাৰবিন

©Admin
0
 "কোনোবাই মোক অহংকাৰীয়ে বোলক বা আন কিবা, যিয়েই যি বোলে বুলি থাকক। মুঠতে মোৰ ছোৱালী আত্মনিৰ্ভৰশীল হ'বই লাগিব আৰু আত্মনিৰ্ভৰশীল নোহোৱালৈকে তাইৰ বিয়াৰ কথা নাভাবোঁ, প্ৰয়োজন হ'লে তাই আবিয়ৈ হৈয়েই জীৱন কটাব,তাত মোৰ আফচোচ নাই"। মাকৰ কথাতেই হয়ভৰ দিছে পৰীয়েও। আত্মীয়- স্বজনে পৰীৰ বিয়াৰ বাবে ইটোৰ পিছত আনটোকৈ কেইবাটাও ভাল ভাল ল'ৰাৰ খবৰ আনিও মাক-জীয়েকৰ আঁকোৰগোজ স্থিতিৰ বাবে বিমুখ হৈ কটু সমালোচনা কৰিবলৈ লৈছে । কিন্তু কাৰো কথালৈ কাণষাৰ নিদি আঁকোৰগোজ স্থিতিত অটল মাক-জীয়েক।
     নিজৰ জীৱনত হৈ যোৱা ভুলৰ পুনৰাবৃত্তি ঘটাব নোখোজে পাপৰিয়ে। যদিও জন্ম- মৃত্যু- বিবাহ ঈশ্বৰৰ হাতত তথাপিও চেষ্টা কৰিলে কিছুমান সমস্যাৰ পৰা হয়তো হাত সাৰিব পাৰি বুলি পাপৰিৰ দৃঢ় বিশ্বাস।
      কি নাছিল পাপৰিৰ ! ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী থকা স্বত্বেও ধনী ব্যৱসায়ী জোঁৱাই দেখি তাইৰ পিতৃ-মাতৃয়ে তাইৰ আশা -আকাংক্ষাবোৰক গুৰুত্ব নিদি বিয়া দিছিল। স্বামীয়েও বিচৰা নাছিল তাই চাকৰি বা নিজাকৈ অইন কিবা এটা কৰাটো । কেইবাবাৰো চাকৰিৰ সুযোগ পোৱা স্বত্বেও স্বামী তথা পৰিয়ালৰ বাধ্যবাধকতাৰ বাবে তাই তাইৰ হেঁপাহক জলাঞ্জলি দিব লগা হৈছিল। অৱশ্যে ঘৰখনত অভাৱ বুলিবলৈ একোৱেই নাছিল আৰু তাইৰ প্ৰয়োজনীয় সকলো বস্তুৱেই তাই নোসোধাকৈয়ে স্বামীয়ে হাতত তুলি দিছিল বাবেই পিছলৈ তাইৰ চাকৰিৰ হেঁপাহবোৰো নোহোৱা হৈছিল। চাকৰ-বাকৰেৰে পৰিপূৰ্ণ ঘৰখনত আলহী-অতিথি গিজগিজাই থাকিলেও তাই কৰিব লগীয়া বিশেষ কাম নাছিল। কেৱল ধুনীয়াকৈ সাজি-কাচি আলহীবোৰক মাত-কথা দিয়াৰ লগতে ইটো- সিটো আগবঢ়াই দি তাই ব্যস্ত থাকিব লাগিছিল।
     বৈবাহিক জীৱনৰ পোন্ধৰটা বছৰ সুন্দৰকৈ চলি গৈছিল পাপৰিৰ,তাই যেন এগৰাকী ৰাণীহে আছিল । কিছু পলমকৈ কোলা শুৱনি কৰা পৰী এদেও-দুদেওকৈ বাঢ়ি বাঢ়ি দহ বছৰীয়া হৈছিল।তেতিয়াই অগা-পিছাকৈ পৃথিৱী এৰিছিল তাইৰ শাহুৱেক-শহুৰেকে। পাপৰিৰ স্বামী ৰাজো আক্ৰান্ত হৈছিল মধুমেহ ৰোগত। প্ৰথমাৱস্থাত বিশেষ গুৰুত্ব নিদিয়াৰ বাবে হঠাতে বহুত বেছি বাঢ়ি গৈছিল চুগাৰৰ লেভেল,ফলত আনুষাংগিক আন আন উপসৰ্গই লগ লোৱাত তৰিৎ গতিত স্বাস্থ্য পৰি আহিছিল। আগৰ দৰে পৰিশ্ৰম কৰিব নোৱাৰা ৰাজে এটা সময়ত ঘৰতে সোমাই থাকিব লগীয়া হৈছিল। দিনবোৰ সদায় একেধৰণে যাব বুলি আশা কৰি থকা ৰাজৰ লগতে পাপৰিৰ মূৰত সৰগ ভাগি পৰিছিল। পাপৰিও ৰাজৰ লগতে লাগি থাকিব লগীয়া হোৱাত নিজাকৈ কিবা এটা কৰাৰ কথা ভাবিব পৰা অৱস্থা নাছিল। সাঁচতীয়া ধনবোৰ লাহে লাহে কমি আহিছিল আৰু পৰী ষোল্ল বছৰীয়া হওঁতেই আজীৱন পাপৰিক সুখত ৰাখিম বুলি প্ৰতিশ্ৰুতি দিয়া ৰাজে পাপৰি-পৰীক নিঠৰুৱা কৰি নহয় দৰিদ্ৰতাৰ চাকনৈয়াত এৰি গুচি গৈছিল পৰলোকলৈ। হিয়া ঢাকুৰি কান্দিও ৰাজক ঘূৰাই নাপালে দুয়োৱে। অৱশিষ্ট সাঁচতীয়াখিনি ৰাজৰ কাজ-কৰ্মত শেষ কৰি দিশহাৰা হৈ পৰিছিল পাপৰি।দুই-চাৰিজন আত্মীয় তথা ৰাজৰ বন্ধু বৰ্গই মাজে -সময়ে সহায় কৰিছিল যদিও সেয়া পৰ্যাপ্ত নাছিল পাপৰি আৰু পৰীৰ বাবে। ইতিমধ্যে চাকৰিৰ বয়সো উকলিছিল পাপৰিৰ,পৰীৰ পঢ়াও সম্পূৰ্ণ হোৱা নাছিল । অতবছৰ ঘৰতেই সোমাই থাকি থাকি উচ্চ শিক্ষিত হৈয়ো বাহিৰৰ আও- ভাও নুবুজাত তেনেই সাধাৰণ নাৰীলৈ সলনি হৈছিল পাপৰি।
    "খাব জানিলে চাউলেই চিৰা,বহিব জানিলে মাটিয়েই পীৰা" ফকৰা - যোজনা ফাঁকিকে সাৰোগত কৰি যি পাই তাতেই সন্তুষ্ট থাকিবলৈ শিকি শিকি অশেষ কষ্টেৰে পাপৰিয়ে পৰীক পঢ়াই-শুনাই উপযুক্ত কৰাইছে।তাই শিক্ষা বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে যদিও বৰ্তমানৰ নিয়ম অনুসৰি নেট/শ্লেট সম্পূৰ্ণ কৰিলেহে তাই কলেজৰ অধ্যাপিকা হ'বলৈ সক্ষম হ'ব। কিন্তু ছোৱালী মানুহৰ বয়স ৰৈ নাথাকে আৰু বাপেক নোহোৱা ছোৱালী সুবিধা পাওঁতেই বিয়া দিব লাগে বুলি আত্মীয়সকল উঠি পৰি লগাতহে পাপৰি চিন্তাত পৰিছে আৰু বহুত ভাবি-চিন্তি সকলোকে পাপৰিৰ শেষ সিদ্ধান্ত শুনাইছে। 
    জন্ম মৃত্যু বিবাহ ঈশ্বৰৰ হাতত, কিন্তু বিবাহেই জীৱনৰ সৰ্বোচ্চ প্ৰাপ্তি বা উদ্দেশ্য হ'ব নোৱাৰে, সেয়া পাপৰিয়ে জীয়েককো সুন্দৰকৈ বুজাই দিছে। বিভিন্ন ঘাত- প্ৰতিঘাতৰ মুখামুখি হৈ পাপৰিয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছে---
      পাঠ্য পুথিৰ পৰা আহৰণ কৰা জ্ঞানে পাপৰিক যিমান শিকালে, অভিজ্ঞতাৰ পৰা আহৰণ কৰা জ্ঞানে তাইক আজীৱন পাহৰিব নোৱাৰাকৈ শিকাই গৈছে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)