মই- আব্দুল কাদেৰ মিঞা

©Admin
0
মোৰ সপোনবোৰ গভীৰ নিদ্ৰাৰ মাজতে হেৰাই যায়
তথাপিও মই সপোন ৰচোঁ।
মই ভালপোৱা মানুহ বহুত বিচাৰি পাওঁ
কেৱল বিচাৰি নাপাওঁ মোক ভালপোৱা মানুহ ।
মোৰ কল্পনা জগতত সকলো পাই শান্তিত আছোঁ
বাস্তৱ জীৱনত সকলো পাই 
হেৰুৱাই পেলাইছো ।
পোৱা-নোপোৱাৰ মাজত অতিবাহিত কৰিছোঁ
জীৱন মধুৰ সময়।
সকলো পাই আজি 
নোপোৱাৰ সাগৰত ভাঁহি আছোঁ!
অসংখ্য প্ৰেৰণা দিয়া বন্ধু সুলভ
প্ৰস্তাৱিত মহৎ বাণী,
ইয়াৰ মাজতো মই বিচাৰি পোৱা নাই
যিয়ে মোৰ চেহেৰা চাই
মনৰ অৱস্থাৰ বুজ ল'ব।
অলপ পানী পান কৰিবলৈ সমুদ্ৰৰ কাষ চাপিলো 
তেওঁ মোক বাধা দিলে ।
কাৰণ সমুদ্ৰৰ পানী যে
তীব্ৰ লৱনাক্ত !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)