মই প্ৰেমত পৰিছোঁ-প্ৰিয়ংকা বৰা

©Admin
0
মই প্ৰেমত পৰিছোঁ
তোমাৰ চকুযুৰিৰ প্ৰেমত,
ল'বানে বাৰু মোক আঁকোৱালি
তোমাৰ দুবাহুৰ মাজত ?
মই প্ৰেমত পৰিছোঁ
তোমাৰ বুকুৰ উপত্যকাৰ প্ৰেমত,
দিবানে বাৰু মোক ঠাই
তোমাৰ হিয়াৰ একোণত ?
মই প্ৰেমত পৰিছোঁ
তোমাৰ দুটি ওঁঠৰ প্ৰেমত,
দিবানে বাৰু মোক এটি চুম্বন
মোৰ সেন্দুৰীয়া কপালত ?
মই প্ৰেমত পৰিছোঁ
কেৱল তোমাৰ প্ৰেমত,
দিবানে বাৰু মোক জীৰাবলৈ
তোমাৰ কলিজাৰ উমত ?
                       
◾প্ৰিয়ংকা বৰা
কাকজান মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)