চেষ্টা কৰিলেও নোৱাৰোঁ অ
হাতৰ ডায়েৰিখনেই জীৱন
যুঁজৰ অতীত আৰু বৰ্তমানৰ
পাৰ্থক্য দেখুৱাই সুঁৱৰাই দিয়ে।
মনটোক চম্ভালিব নোৱাৰিলে
অতীতৰ পৃষ্ঠাবোৰ লুটিয়াও
তেতিয়াই ভালকৈ উপলব্ধি কৰি
লৈ যাঁও জীৱনক অন্য ৰাস্তাৰে
জীৱনটো গঢ়িবলৈ ৰঙেৰে ।
অতীতটো মধুৰ হোৱা হ'লে
বহুত সুখ পালোঁ হয় ....
কিন্তু মোৰ অতীত মাথোঁ
বেদনাৰ এখিলা উঁৱলি যোৱা
ডায়েৰিৰ হালধীয়া পৃষ্ঠা ।
আধাৰুৱা সুখৰ কাহিনীবোৰো
এতিয়া তেনেকৈ ৰঙ ধৰিলে
মনিবও নোৱাৰা হলো চকুৰে
কলৈ গৈ আছোঁ নিজেই বুজি নাপাওঁ
নিজৰ লক্ষ্যৰ বিৰোধিতা কৰি
কিমানদিন বাৰু অভিনয় কৰিম।
সকলো আধৰুৱা হ'লেও
অন্তত নিজৰ সপোনটো
আধৰুৱা হোৱাটো নিবিচাৰোঁ
সপোনটো যদি জীৱনৰ
ডায়েৰিৰ পৃষ্ঠাত হালধীয়া
ৰঙ ধৰি তেনেকৈ থাকে
মই কেনেকৈ জীয়াই থাকিম
উঁৱলি যোৱা সপোনৰ ৰং
মই জানো প্ৰিয় কৰি ল'ব পাৰিম।
◾দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ