সুৰৰ আদৰ -ৰজনী কুমাৰ ডেকা

©Admin
0
ৰাতি বাঁহী নবযাবি ককাই
ৰাতি বাঁহী নবযাবি, 
অবুজ হৃদয়ৰ হৃদয় উলংঘন হয়,
কি সুৰ  জগালি ককাই , কি
সুৰ দিলি? 
মোৰ সপোনৰ  চিত্ৰখন 
তেনেই উকাঁ হল। 
মোৰো নিদ্ৰা  সৰিব, ৰং- তুলিকাবোৰ নিঠৰুৱা হ'ৱ
আলসুৱা সপোন বোৰ 
জোনৰ দেশলৈ উভতিব। 
আৰু সুৰ নিদিবি ককাই 
আৰু সুৰ নিদিবি  , 
অনাদৰ  ৰক্ত মদাৰৰ বিষাদ 
কোনে বুজি পায়, 
ডালে -ডালে ফুলে 
ডালতে  মৰহি সৰে  । 
আৰু সুৰ নিদিবি ককাই, 
আৰু সুৰ নিদিবি। 
এন্ধাৰৰ বেদনা সচাঁকৈ গধুৰ 
জোনাকী পৰুৱাইয়ো বুজে। আবেগৰ নৈখনত ঘনে ঢৌ খেলে ককাই তোৰ সুৰ উটে  । 
তোৰ চকুলো  নিগৰিব ককাই 
পৃথিৱী খন তেনেই এন্ধাৰ হ'ব। 
ৰাতি বাঁহী নবজাবি ককাই, আৰু সুৰ নিদিবি   । 

                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)