সৈনিকৰ অন্তিম চিঠি -মাৰ্জিনা বেগম

©Admin
0
মৰমৰ  সোণজনী   , 

মোৰ  মৰম ল'বা  । আশা কৰোঁ তুমি কুশলে আছা । তুমি হয়তো হঠাতে চিঠিখন পাই  আচৰিত হ'বা   ।  অৱশ্যে আচৰিত হোৱাৰে কথা ।  জীৱনৰ শেষ সময়লৈ তোমাৰ সৈতে থাকিম বুলি কথা দিওঁ মই কথা ৰাখিব নোৱাৰিলো  । শত্ৰু পক্ষৰ আঘাতত ক্ষত- বিক্ষত হোৱা  দেহৰ পৰা নিগৰি অহা  কেঁচা শোণিতৰে সেয়ে  লিখিব লৈছোঁ এয়া তোমালৈ বুলি  মোৰ শেষ উপহাৰ ।
প্ৰিয়তমা,  
   তুমি হয়তো প্ৰথমত   বিশ্বাসত  নল'বা  এই নিষ্ঠুৰ সত্য, শেষত তুমি ঠিকেই চিঞৰিবা  বিশ্বাসঘাতক বুলি   গালি পাৰিবা   । হয় মই আজি বিশ্বাসঘাতক .... কোনখন মুখেৰে কওঁ তোমাক,  খং অভিমান ভাঙিবলৈ মই আৰু তোমাৰ কাষত উভতি যাব নোৱাৰিম (?) নিয়তিৰ নিষ্ঠুৰতাত বলি হ'লো মই   । সীমান্তৰ কটা তাঁৰৰ তলত পৰি আছে  মোৰ নিথৰ দেহ , এই মুহুৰ্তত মোৰ কাষত কোনো নাই ।  
    তোমালৈ বহুত মনত পৰিছে অ' মোৰ সোণ , বাৰে বাৰে মনত পৰিছে তোমাৰ কপালৰ ৰঙা বেলিটোলৈ । জানা মোৰ বৰ ইচ্ছা আছিল    তোমাৰ কোলাত মূৰ থৈ শেষ নিশ্বাস ত্যাগ কৰিবলৈ । কিন্তু মোৰ ইচ্ছা পূৰণ নহ'ল মই ইয়াতেই অন্তিম পথৰ যাত্ৰী হ'লো  । মনত আছেনে তোমাৰ এক সপ্তাহ পিছতেই আমাৰ প্ৰথম বিবাহ বাৰ্ষিকী, ভাৱিছিলো এই বিশেষ দিনটোত তোমাৰ সৈতে থাকি আৰু বিশেষ  কৰি তুলিম , তোমাৰ প্ৰতিটো  ইচ্ছাই পুৰণ কৰিম ।  কিন্তু সকলো আশা ব্যাধে কাঢ়ি ল'লে  । কৰ্তব্যৰ তাগিদাত বহু দূৰত আহিব লগা হ'ল  তোমাৰ অভিমানেৰে ভৰা মুখখন এৰি থৈ । মনত পৰিছে বৰকৈ বিদায় বেলাত তোমাৰ দুচকুৰে বৈ অহা অশ্ৰুৰ  তপত টোপালবোৰলৈ। 
    সূৰ্য উদয় হ'ব , পশ্চিমত মাৰ যাব  , নিশাৰ আন্ধাৰে জগত তমোময় কৰিব । এই সকলোৰ মাজত নদী যিদৰে বৈ যায় মহাসিন্ধু উদ্দেশ্য , মই নোহোৱা কালত সময়ৰ সোঁতত   উটি যাব নেকি তোমাৰ বুকুৰ মৰমৰ নৈখন ? প্ৰচণ্ড ৰ'দত  ডেই পুৰি যোৱা সৰা পাতৰ দৰে তোমাৰ হৃদয়খনো বিষাদৰ জুইয়ে পুৰিব নেকি  ? ...... বহু আশা লৈ আমি যুগ্ম জীৱনৰ পাতনি মেলিছিলোঁ,  বহুত সপোন দেখিছিলোঁ , বহু কথাই আছিল তোমাক ক'বলৈ। প্ৰতিশ্ৰুতিবদ্ধ হোৱা বাটত খোজ দিব নেপাওঁতেই বৰ বেয়াকৈ  উজটি পৰিলোঁ অ' ।  জীৱনটো কেনে মৰ্মান্তিক নহয় নে  বুকু ফটা আৰ্তনাদ  , অশ্ৰুবৰ্ষণত নুমাই থাকিল আশাৰ চাকি , গুলিৰ ধোৱাৰ সৈতে মিলি গ'ল আশা, সপোন সকলোবোৰ ......... আহ!! শ্বাস কষ্ট বাঢ়ি আহিছে,  উশাহবোৰ লাহে লাহে  চুটি  হৈ আহিছে আৰু কেইমুহুৰ্তৰ পিছতেই হয়তো  উশাহবোৰ  বন্ধ হৈ যাব । মূৰৰ ওপৰত ৰ'দে মোৰ দেহৰ তেজ শুহি ল'ব ধৰিছে , চকুযুৰি জাপ খাই আহিছে  ..........আৰু  নোৱাৰি ! ... মই যে আৰু নোৱাৰিছো অ' ...... 
    সোণ মোৰ ? নাকান্দিবা  , ধৈৰ্য্য নেহেৰুৱাবা । মোক ক্ষমা কৰি দিবা ।  আহিব লগীয়া আমাৰ সন্তানকটোৰ বাবে এই সময়ত মই তোমাৰ কাষত থাকি সাহস হ'ব নোৱাৰিলোঁ ।    মই জানো  মোৰ এই চিঠি পাই তুমি বলিয়া হ'বা, চিঞৰি চিঞৰি কান্দিবা কিন্তু তোমাৰ কান্দোন বন্ধ কৰিবলৈ  তোমাৰ কাষত থাকিব নোৱাৰিম , মৰমৰ চুমাৰে আকোৱালী ল'ব  নোৱাৰিম  ।
     দুখ নকৰিবা , তুমি আছা আৰু থাকিবা মোৰ হৃদয়ত সদায় । সন্তানটোক  মোৰ মৰমেৰে ডাঙৰ কৰিবা । মই আকৌ  আহিম এই  সংসাৰৰলৈ  , আমাৰ আকৌ মিলন হ'ব, সপোনৰ সোণৰ আলি বান্ধি হেঁপাহৰ ঘৰখনো সাজিম । সন্তানটোকো  আমি মানুহ কৰিম .......
        শেষত, আকৌ এবাৰ মোক ক্ষমা কৰি দিবা । আহিবলগীয়া মোৰ কলিজাৰ টুকুৰাটোক ভালদৰে ৰাখিবা ।    মিছাতে নষ্ট নকৰিবা সময়ৰ অৱস্থিতি বিষাদৰ  ঢৌবোৰ সাৱটি । 
                                ইতি,
                       তোমাৰ প্ৰিয়তম ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)