সময়ৰ সমষ্টিয়েই জীৱন- অনিমা বেগম

©Admin
0
সময় নিৰবধি আৰু মানুহৰ জীৱন তেনেই চুটি ! বৰ্তমান সময়ত , এই চুটি জীৱনটো মৰ্মান্তিক দুখ, বুকু ভঙা আৰ্তনাদৰ আধাৰ বুলি ভাবে,এয়া ভুল। সময়ৰ দৰে যদি জীৱনটোও অনন্ত হ'লহেঁতেন তেতিয়া মানুহৰ বাবে সময়ৰ মূল্য নাথাকিলেহেঁতেন । যদি জীৱন অন্তহীন হ'লহেঁতেন তেতিয়া আমাৰ কাৰণে এই চুটি জীৱনটো ইমান আদৰণীয়  নহ'লহেঁতেন । জীৱনত আজিৰ দিনটো কালিলৈ বিচাৰি নাপাম সেইবাবে জীৱনত সময়ৰ মূল্য অসীম।
জীৱন ক্ষণস্থায়ী যদিও এক বিশাল কৰ্মক্ষেত্ৰ। মানুহৰ জীৱনক সময়েৰেও আৰু কামেৰেও জুখিব পাৰি। কৰ্মময় জীৱনেই প্ৰকৃত আৰু কাম্য জীৱন। প্ৰত্যেক জীৱনৰে তাৎপৰ্য আছে,মহৎ সম্ভাৱনা নিহিত হৈ থাকে জীৱনৰ প্ৰতিটো স্তৰত । জীৱনৰ প্ৰতিটো স্তৰতে মানুহে সময়ৰ মূল্য উপলব্ধি কৰি কামত অগ্ৰসৰ হ'ব লাগে । লাচিতে সময়ৰ মূল্য বুজি — “কামত ক্ষমা বিচৰা”, মোমায়েকক নকটা হ'লে মোমাই কটা গড়ৰ অস্তিত্ব পৃথিৱীয়ে কেতিয়াবা অনুভৱ কৰিব পাৰিলেহেঁতেন নে? অথচ যদি সেয়া নকৰিলেহেঁতেন দেশ ৰসাতলে গ'লহেঁতেন ! মুঠতে সময়ৰ সমষ্টিয়েই জীৱন। জীৱনৰ প্ৰতিটো ক্ষণ আমি টিকি ব্যৱহাৰ কৰিব লাগিব।



✍️অনিমা বেগম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)