স্বামীহীন অনুভৱে কন্দুৱাই - অনন্ত কুমাৰ ভূঞা

©Admin
0

যেতিয়া তোমাক দেখোঁ‌
মৰম গলি যায়
পানীত নিমখ পমি যোৱাৰ দৰে
দেউতাৰ মৃত্যুলৈ মনত পৰে
ছাঁ‌ দিয়া বৃক্ষ উঘালি পৰিল ।
অদৃশ্য ছাঁ‌য়াই
জুমুৰি দিয়ে জীৱন বাটত
মাতৃৰ মৃত্যু বিস্ময়কৰ এজাক ধুমুহা
শুক্লপক্ষ নিশা টোপনি নিখোজ হয়
ফটফটীয়া পূৰ্ণিমাৰ জোনাকত
উদাসী স্বপ্নই ঘেৰি ধৰে 
আউসী নিশা
আশাবোৰ কৰ্ফাল খাই দূৰলৈ গুচি যায়
নিজান ৰাতি বাগৰি আহে লোতক 
ফেঁ‌চাৰ উৰুলিয়ে সাহস যোগায়
জোলোঙাৰে অহা ৰ'দৰ কিৰণ
জুইৰ ফিৰিঙতি যেন লাগে
দুখে জিৰণি লয় মনত
ভাস্কৰ্য সৃষ্টি অতি অনুপম
শিল্পীৰ হাতৰ পৰশ সৌন্দৰ্যৰ উশাহ 
কপালৰ সেন্দূৰ হেৰুৱাই
নাৰী নিঠৰুৱা হয় 
স্বামীহীন অনুভৱে কন্দুৱাই
তাড়নাত মৰম হেৰায়
তজবজীয়া মন ভাগৰি পৰে
সমাধিস্থ নহয় দুখৰ সময় 
চিৰদিন থাকে লগৰি হৈ ।

✍️অনন্ত কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)