মই অপবিত্র, মই দুৰ্গন্ধময়,
মই মলিয়ন, মই প্ৰদূষণ।
জন অৰণ্যত আৰু ক'ত আছে মোৰ নাম ।
বজাৰৰ পৰা ঘৰলৈ, ঘৰৰ পৰা
পথৰ দাঁতিলৈ,
এয়াই মোৰ স্থানৰ পৰিচয়।
মোৰ সঞ্চয়ে কাৰোবাৰ জীৱিকাৰ পথ মুকলি কৰে,
মোৰ সঞ্চয়ে কোনোবা পশু -পক্ষীৰ পেটৰ -ভোক দূৰ কৰে,
মোৰ সঞ্চয়ে যান্ত্রিক যুগত বস্তুৰ
আৱিষ্কাৰ কৰে, আকৌ
মোৰ সঞ্চয়ে কাৰোবাৰ শ্মশান
যাত্ৰা আনে।
মুক্ত আকাশৰ ৰ'দত মোৰ দেহ
উতলি উঠে,
বৰষুণৰ তৃপ্তিত মোৰ দেহ জিলিকি উঠে, আকৌ
বানৰ-তাণ্ডৱত মই সাগৰলৈ যাত্ৰা কৰো ।
অতিকৈ দুখত দুখী হওঁ মই ,যেতিয়া
গালি জুৰে মানুহে মানুহক মোৰ নামত।
মই মৃত্যু, মই জঘন্য, মই প্ৰকৃতিৰ
শ্ৰেষ্ঠ যান্ত্ৰনাৰ বলী ।
তথাপি জনসমাজে মোক
সহজে সৃষ্টি কৰে,
পথৰ দাঁতিয়ে- দাঁতিয়ে মোকেই সঞ্চয় কৰে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ