বৰ্তমান সময়ত নাৰী আধুনিকতা-গীতাৰ্থ মজিন্দাৰ

©Admin
0
পৃথিৱীখনত বসবাস কৰা সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ হিচাপে মানুহক গণ্য কৰে। বহু দিনৰ আগৰে পৰা সকলো জীৱৰ ভিতৰত মানুহৰ চিন্তাধাৰা সকলো জীৱতকৈ শ্ৰেষ্ঠ বুলি প্ৰমাণিত হৈ আহিছে। বৰ্তমান সময়ত বা সমাজত নাৰীৰ বাবে তেওঁ আধুনিকতা হৈছে তেওঁৰ প্ৰকৃত সাজ পাৰ যোৰ। আধুনিকতা প্ৰকাশ এজনী নাৰীৰ চিন্তা ধাৰাৰ আৰু তেওঁৰ বিচাৰ বিবেচনাৰ ওপৰত। বৰ্তমান সময়ত খোজ মিলাবলৈ গৈ নাৰীয়ে নিজৰ প্ৰকৃত সাজপাৰ যোৰ ত্যাগ কৰি বিদেশী সাজপাৰ পৰিধান কৰিবলৈ লৈছে। এজনী নাৰীযে  নিয়াৰিকৈ ভাল দিশটো আকোঁৱালি ল'লেহে নতুন প্ৰজন্মক নতুন চিন্তাধাৰাৰে গঢ় দি এখন সুন্দৰ সমাজ গঢ় দিব পাৰিব।
                 এগৰাকী ছোৱালী এটা ভাল ল'ৰা লগত বিয়া দিয়াত কৈ কেনেদৰে ছোৱালী জনী শিক্ষা দীক্ষাৰে শিক্ষিত নাৰী হিচাপে কেনেকৈ তেওঁ নিজৰ ভৰিত থিয় হৈ স্ব নিৰ্ভৰশীল কৰি তুলিব পাৰি তাৰ ওপৰত ছোৱালী জনী পিতৃ মাতৃয়ে বেছি গুৰুত্ব দিব লাগে।
           নাৰী মানৱ জাতি আয়ুস ৰেখা।নাৰী অবিহনে পৃথিৱীৰ কোনো দিশ আগবাঢ়িব নোৱাৰে।নাৰী সন্মানৰ গৰাকী।নাৰী মৰ্যদা অপৰিসীম। বৰ্তমান সমাজ খনত যিকোনো কামতে  এগৰাকী নাৰী কিমান সুৰক্ষিত? এগৰাকী নাৰীয়ে এখন সমাজত যি মৰ্যদা পাব লাগে সেই মৰ্যদা সেই সমাজ খনে দিছে নে? এগৰাকী নাৰী যদি উচিত শিক্ষাৰে শিক্ষিত কৰি তুলিব পাৰে। তেতিয়া এগৰাকী নাৰীয়ে এখন সুস্থ সমাজৰ ভুমিকা গ্ৰহণ কৰিব পাৰে। কিন্তু বৰ্তমান সময়ত এই নাৰী ওপৰত চলা এই অত্যাচাৰৰ বোৰ হাজাৰ হাজাৰ নাৰীক মনোবল নষ্ট কৰি দিয়ে।
               পুৰুষ সকলে যিমানে শিক্ষিত নহওঁক কিয় যদি পুৰুষ জনে আহি যদি ঘৰখনত হুুলস্থূলীয়া  পৰিৱেশ সৃষ্টি কৰে তেওঁ শিক্ষিত হোৱা কোনো অৰ্থ নাথাকে।


        ◾গীতাৰ্থ মজিন্দাৰ
           ঢকুৱাখনা
           হাৰ্হি মহাবিদ্যালয়,ৰাজনীতি বিভাগ            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)