বিষ্ণু প্ৰসাদ ৰাভাৰ অসমীয়া সমাজলৈ অৱদান

©Admin
0
অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নতিৰ হকে যি কেইজন বৰেণ্য ব্যক্তিয়ে তেওঁলোকৰ অহোপুৰুষাৰ্থৰে অৱদান ৰাখি থৈ গ’ল, সেইসকলৰ ভিতৰত বিষ্ণু প্রসাদ ৰাভাৰ নাম সোণালী আখৰেৰে চিৰদিনৰ বাবে প্রতিজন অসমীয়াৰ হৃদয়ত চিৰস্মৰনীয় হৈ ৰ’ব। কিয়নো তেওঁ আছিল অসমীয়া জাতীয় সংস্কৃতিৰ ত্ৰাণকৰ্তা স্বৰূপ আৰু অসমীয়া সংস্কৃতিৰ পূজাৰী।

বিষ্ণু ৰাভা প্ৰসাদ ৰাভা অসমীয়া কলা-কৃষ্টি সংস্কৃতি তথা ৰাজনৈতিক জগতৰ ধ্ৰুৱতৰা। 
বিষ্ণু ৰাভা দেৱৰ নৃত‍্য আছিল স্বকীয় বৈশিষ্ট‍্যৰে সমুজ্বল। তেওঁৰ সৃষ্ট নৃত‍্যৰাজি অসমৰ আপুৰুগীয়া সম্পদ । তেওঁৰ ব্ৰ‍‌হ্মত্বপ্ৰাপ্তিৰ মহান সাধনা। ৰাভাদেৱ দশাৱতাৰ নৃত‍্য,সূত্ৰধাৰী নৃত‍্য,বিভিন্ন প্ৰকাৰৰ সত্ৰীয়া নৃত‍্য আৰু বিভিন্ন জনগোষ্টীয় নৃত‍্য অতি সুন্দৰকৈ পৰিবেশন কৰিছিল । বড়ো -কছাৰীৰ নৃত‍্যৰ আৰ্হিত তেওঁ জ‍্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ বাবে আপুৰুগীয়া ‘জাপি নৃত‍্য’ সৃষ্টি কৰিছিল।
ৰাভাদেৱ আছিল এজন ভাল নাট‍্য অভিনেতা । মাত্ৰ সাত বছৰ বয়সতে বিষ্ণুৰাভাই কলিকতাৰ মঞ্চত অভিনয় কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল। তেওঁৰ শ্ৰেষ্ঠতম অভিনয় হ'ল ‘দিগবিজয়’ নাটকৰ নাদিৰশ্বাহৰ চৰিত্ৰটো। কংসৰ চৰত্ৰৰ নিষ্টুৰতা দুৰ্দান্ততা অতি সুন্দৰকৈ ফুটাই তুলিছিল। প্ৰথম সামাজিক নাটকত অভিনয় হল ফ‍ণী শৰ্মা ৰচিত ব‍্যঙ্গ নাটক ‘গঙ্গাটোপ’ আৰু তাতে তেওঁ গেঠুৰ চৰিত্ৰ অতি সুন্দৰ কৈ ফুটাই তুলিছিল।ৰাভাদেৱে তেজপুৰৰ বাণ ৰং মঞ্চত নিয়মীয়া কৈ অভিনয় কৰাৰ লগতে ‘ যাত্ৰা ‘ পাটী অভিনয় কৰিছিল । তাৰোপৰি ‘ এৰা বাটৰ সুৰ’ত ভূজলুংকা’ৰ , ‘প্ৰতিধ্বনিত’ খাচী চিয়েম, ‘মিচকুমাৰী ‘ নাটকত ‘আবন’ আৰু ‘ চিৰাজ বোলছবিত অভিনয় কৰিছিল। উল্লেখযোগ্য যে নট সূৰ্য্য ফণী শৰ্মাৰ সৈতে তেখেতে চিৰাজ বোলছবিখন যুটীয়া ভাৱে পৰিচালনা কৰিছিল।
ইয়াৰ উপৰিও তেওঁ অসমীয়া সাহিত্য জগতলৈ এক বৃহৎ অৱদান আগবঢ়াই গৈছে। ইয়াৰ ভিতৰত তেওঁৰ উপন্যাস ‘সোণপাহি’, ‘জীৱন লালসা’ । গল্প সমূহ হল – ‘মামীৰ হাৰ’, ‘হিয়াৰ পুং’,’ কুৰি বছৰ জেইল’। তাৰোপৰি আলোচনা মূলক / গৱেষণা মূলক গ্ৰন্থ – ‘ন পৃথিৱীৰ নতুন যুগ’ , ‘বড়ো জাতিৰ ইতিহাস’, ‘অসমীয়া কৃষ্টি’ আদি । ৰাভা দেৱৰ ৰচিত জীৱনী / আত্মজীৱনী হল : ‘নিজৰ জীৱনী আত্ম কথা ‘ , ‘জ্যোতি জেউতি’ , ‘কুশল কোঁৱৰ’ ।ৰেকৰ্ডৰ পালা অৰ্থাৎ নাটক হল ‘নৰকাসুৰ’ , ‘বেউলা’ , ‘বিহুৱতী’ আদি । ৰাভাই গীত বা কবিতা ৰচনা কৰিছিল বিশেষ উদ্দেশ্যেৰে । সমকালীন স্বাধীনতা যুঁজ আৰু কমিউনিষ্ট আন্দোলন উভয়কে জড়িত থাকি জনসাধাৰণ ক জগাই তুলিবলৈ তেওঁৰ অন্তৰত থৌক বাথৌ উঠিছিল আৰু জনসাধাৰণক সচেতন কৰি ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ উদ্দেশ্য ৰে ৰাভাই ৰচনা কৰিছিল গীত আৰু কবিতা । তেওঁৰ কবিতা সমূহ ‘মুক্তি দেউল’ , ‘সুৰৰ দেউল’, ‘ন’ৰ – নাৰী শীৰ্ষক ২০২ শাৰীৰ কাব্য’ ।
প্ৰকৃত জাতীয়তাবাদী মনোভাৱৰ বিষ্ণুৰাভাই প্ৰাণ ভৰি ভাল পাইছিল অসমক, অসমৰ জনগণক, অসমৰ কৃষ্টি সংস্কৃতিক ।
এইজনা মহান মনীষীৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১জানুৱাৰী বৰ্তমান বাংলাদেশৰ ঢাকাত। সৰুৰে পৰাই তেওঁ আছিল প্ৰতিভাসম্পন্ন। ১৯১৭ চনত ঢাকা নগৰীত এখন “উৰ্দ্দু” নাটকত এটা সৰু দহ বছৰীয়া ৰাজকোঁৱৰৰ ভাৱত অভিনয় কৰি অভিনয় জগতৰ পাতনি মেলাৰ লগতে সামাজিক জীৱন যাত্ৰা আৰম্ভ কৰিছিল। এই সামাজিক জীৱন আৰম্ভ হোৱাৰ পিছত ৰাভা কোনো দিনে থমকি ৰব লগা হোৱা নাছিল। তেওঁৰ নিজৰ জীৱনটো সমাজৰ প্ৰতিটো কামতেই উৎসৰ্গা কৰিছিল সাহিত্য সংস্কৃতিৰ মাজেৰে। তেওঁ কবিতা, গল্প, উপন্যাস ৰচনা কৰাৰ উপৰিও সংগীত আৰু কলাৰ সাধক আছিল।

অসমীয়া সংগীত জগতলৈ বিষ্ণু ৰাভাৰ অৱদান অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰিব কিয়নো তেওঁৰ প্ৰতিটো গীতে শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ দ্বাৰা ৰচিত প্ৰতিটো গীততে প্ৰাণ পাই উঠিছিল অসমীয়া সমাজৰ সামাজিক ভাৱধাৰা, জাতীয় চেতনাবোধ, তেওঁৰ কিছুমান গীতত অসমৰ প্ৰাকৃতিক পৰিৱেশো ফুটি উঠা দেখা গৈছে “বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল…….”, “টিলাই টিলাই ঘুৰি ফুৰে উলাহৰে………”, আদি। ইয়াৰ উপৰিও “মোৰ কবিতাৰ ছন্দ লাগি স্পদন তোৰ জাগেনে….”, “আজি মন্দিৰৰ দুৱাৰ খোলা…..”, “ বিশ্বৰ ছন্দে ছন্দে মহানন্দে…..” ‘পৰজনমৰ শুভলগনত’ আদিৰ দৰে কালজয়ী গীত ৰচনা কৰি অসমীয়া সংগীতৰ জগতখনক এঢাপ আগুৱাই নিছিল।মধ্যযুগৰ অসমত এক স্বৰ্ণযুগ সৃষ্টিকাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকে আদি কৰি বহুকেইজন বৰেণ্য ব্যক্তিৰ পৰৱৰ্তী যুগত যি সকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি জাতিটোক শক্তিশালী কৰি ৰাখিছে, সেইসকলৰ ভিতৰত এজন অন্যতম চিৰ নমস্য ব্যক্তি হ’ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ নিজ কৰ্মৰাজিৰ জৰিয়তে নিজকে ন অসমৰ নৱজাগৰণৰ এজন সৃষ্টিশীল খনিকৰ ৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমীয়া ভাষা- সাহিত্য, কলা-সংস্কৃতি, গীত-নৃত্য, অভিনয় সকলো ক্ষেত্ৰতে ৰাভাদেৱৰ অৱদান অনস্বীকাৰ্য৷ তেওঁ জাতি-ভেদ, উচ্চ-নীচ ভেদে এখন বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাবে আজীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল। তেওঁ বিশ্বাস কৰিছিল সাহিত্য-সংস্কৃতি হ’ল এটা জাতিৰ মেৰুদণ্ডস্বৰূপ, যাৰ অবিহনে এটা জাতিৰ অস্তিত্ব বিপদাপন্ন। সেয়েহে তেওঁ অসমীয়া কৃষ্টি-সংস্কৃতিৰ উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। এগৰাকী প্রকৃত শিল্পী, সুন্দৰৰ পূজাৰী, জনসেৱক হিচাপে ৰাভাদেৱে সর্বসাধাৰণ লােকক কলা-সংস্কৃতিৰ প্রতি আকৃষ্ট কৰি প্রতিজন নাগৰিককে সাংস্কৃতিৱান কৰি তুলিব বিচাৰিছিল।তেওঁৰ নিজৰ জীৱনটো সমাজৰ প্ৰতিটো কামতেই উৎসৰ্গা কৰিছিল সাহিত্য সংস্কৃতিৰ মাজেৰে। তেওঁ কবিতা, গল্প, উপন্যাস ৰচনা কৰাৰ উপৰিও সংগীত আৰু কলাৰ সাধক আছিল। অসমীয়া সংগীত জগতলৈ বিষ্ণু ৰাভাৰ অৱদান অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰিব কিয়নো তেওঁৰ প্ৰতিটো গীতে শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল।নিঃস্বাৰ্থভাৱে কাম কৰি যোৱা বিষ্ণুৰাভাৰ ত্যাগক সন্মান জনাবৰ বাবে যেন আজিৰ অসমীয়া অসমৰ্থ। মাথো তেওঁৰ প্ৰীতি যেন জীয়াই থাকিল এটা নিৰ্দিষ্ট দিনৰ জকমকীয়া অনুষ্ঠানৰ মাজত। অসমীয়া সমাজলৈ ভাষা,কলা ,সংস্কৃতি সাহিত্যত তেখেতৰ অৱদান অপৰিসীম।

 ✍️ৰাজুল আহমেদ
বৰহাওঁৰ,হোজাই অসম। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)