হেৰুৱা দিনৰ কবিতা-দেৱকান্ত বৰুৱা

©Admin
0
সেয়ে সোঁৱৰণীৰ পাত লুটিয়াই 
মোক আইৰ চোতাললৈ লৈ যায় 
স্মৃতিৰ শুকুলা ঘোঁৰাই!

কত বিষাদৰ ৰঙেৰে সিক্ত  মোৰ হেৰুৱা সময়ৰ পৃষ্ঠা
অথচ তাৰ বুকুত আছে
এৰি অহা দিনৰ সুখৰ তামীঘৰা 

ব্যস্ততাৰ পোছাক সলাই কেতিয়াবা 
নিৰুদিষ্ট সময় বোৰ বিচাৰি যাম বালিঘৰ সাজিম
নৰাৰ পেঁপা বজাম
টেঙাবল খেলিম
আৰু আইৰ কোলাত মোৰ থৈ 
জলকুৱৰীৰ সাধু শুনিম 

হে সোঁৱৰণী 
মোক তোমাৰ বুকুলৈ 
ওভতাই লৈ যোৱা
মোক এমুঠি উশাহ লাগে
নৈ পাৰৰ সেই বিহুনামৰ সুৰটো 
গছে বনে মহতিয়াই যোৱা 
আদিম কিৰিলিবোৰ মোক লাগে
নহ'লে 
মোৰ উশাহ হেৰাই যাব 
এই কংক্ৰিটৰ নগৰীত


             ◾শ্ৰী দেৱকান্ত বৰুৱা 
             উচ্চতৰ মাধ্যমিক প্ৰ. বৰ্ষ
             চিলাপথাৰ,ধেমাজি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)