মিজাৰু, কিকাজাৰু, ইৱাজাৰু আৰু নৱবৰ্ষৰ কিছু সংকল্প-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
জাতিৰ পিতা মহাত্মা গান্ধীয়ে তিনিটা বান্দৰৰ জৰিয়তে সৰুৰেপৰাই বেয়া নাচাবা, বেয়া নুশুনিবা আৰু বেয়া ন'কবা বুলি দিয়া নীতি শিক্ষা আমি শৈশৱতে পঢ়িছিলো । তেতিয়াৰে পৰা গান্ধীৰ সেই পুতলা তিনিটা আমাৰ বাবে খুবেই পৰিচিত। নমস্য বাপু আমাৰ মাজৰ পৰা হেৰাই  গ'ল কিন্ত সেই তিনিটা বান্দৰ আৰু তেওঁৰ সেই নীতি শিক্ষামূলক কথাখিনি কিতাপৰ মাজত  বন্দী হৈ ৰ'ল। কিন্ত দুখৰ কথাটো হ'ল সেই নীতি শিক্ষা খিনি আমি কোনোৱেই অনুশীলন নকৰোঁ । যদি অকল এই নীতি শিক্ষা খিনিকেই সাৰোগত কৰি জীৱনটো জীয়াবলৈ শিকিলোঁ হেতেন তেন্তে আমাৰ সমাজত যৌন নিৰ্যাতন, ধৰ্ষণ, হত্যা, লুন্ঠন,দূৰ্নীতি, হিংসা আৰু ঠগ- প্ৰবঞ্চনা আদি অপৰাধ সমূহ  সংঘটিত নহ'ল হেঁতেন । 
আজি আমাৰ চাৰিওফালৰ পৰিবেশ বিষাক্ত হৈ পৰিছে । দিনক দিনে মানুহ অসহিষ্ণু,জেদী আৰু নিৰ্দয়ী হৈ পৰিব ধৰিছে। 
সামান্য কথাতেই এজনে আনজনক হত্যা কৰিবলৈও কুন্ঠাবোধ নকৰা হৈছে। দয়া, ক্ষমা, কৰুণা, প্ৰেম আদি শব্দবোৰৰ মূল্যবোধ নাইকিয়াই হৈ গৈ আছে।  এই শব্দবোৰ আজি কালি মাত্র এচাম ভূৱা ধৰ্ম গুৰু, সুবিধাবাদী নেতা আৰু তথাকথিত বুদ্ধিজীৱিৰ বক্তৃতাৰ ফুলজাৰিতহে শুনা পোৱা যায় । যিবোৰ সচৰাচৰ শ্ৰোতাই এখন কানেদি শুনি আনখন কাণেৰে উলিয়াই দিয়ে  । ইয়াৰ প্ৰধানতঃ কাৰণ হৈছে ওপৰত কথাৰ ফুলজাৰি মৰা এই বক্তা সকলো কোনো ধোৱা তুলসীৰ পাত নহয় ।  সচৰাচৰ গায়ক আৰু লেখক সকলেও গীত আৰু সাহিত্যৰ মাজেৰে দয়া, ক্ষমা, কৰুণা, প্ৰেম আদিৰ গূঢ়াৰ্থ মূল্যাংকন কৰি সেইবোৰ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে । কিন্ত সমস্যাটো হৈছে দিনে দিনে সমগ্ৰ পৃথিৱীতে ইলেক্ট্ৰনিক মাধ্যমৰ প্ৰভাৱত কিতাপ পৰা পাঠকৰ সংখ্যা কমি যাবলৈ ধৰিছে । আধুনিকতা প্ৰদৰ্শনৰ নামত পাশ্চাত্যৰ প্ৰভাৱত শ্ৰোতাই গীতৰ কথা অনুধাৱন কৰাতকৈ উত্তাল বাদ্যযন্ত্ৰৰ কোৰ্হাল ভাল পোৱা হ'ল। তদপুৰি বেচি সংখ্যক লেখক তথা গায়ক সকলৰ ব্যক্তিগত জীৱন আৰু সামাজিক ভাৱমূৰ্তি নিকা নোহোৱাৰ বাবে তেওঁৰ কথা কোনো পাঠক অথৱা শ্ৰোতাই গুৰুত্বতাৰে গ্ৰহণ নকৰা হৈছে । সেয়হে আমাৰ সমাজৰ  লেখক, গায়ক আৰু জন নেতা সকল অতিকৈ সংবেদনশীল আৰু সচেতন হোৱাৰ সময় আহি পৰিছে। অন্যথাই আমাৰ সমাজখনৰ বৌদ্ধিক বিকাশ সাধন নহ'ব আৰু নৱ প্ৰজন্মই এক সাংঘাটিক ভাবুকিৰ সন্মুখীন হ'ব। 

ইতিহাসবিদ সকলৰ মতে খ্ৰীষ্টপূৰ্ব তিনি মানতেই চীন দেশৰ কুন্জি নামৰ এখন গ্ৰন্থত  চকু হালি বেয়া চাবলৈ,  কান দুখন বেয়া  শুনিবলৈ ,মুখখন বেয়া ক'বলৈ আৰু  হৃদয়খন বেয়া যাঁচিবলৈ পৰমপিতাই সৃষ্টি কৰা নাই  বুলি উল্লেখ কৰিছিল।
অষ্টম শতিকাত নাৰা কালত টেণ্ডাই বৌদ্ধ দৰ্শনৰ এজন  লামাই  কুন্জি নামৰ কিতাপখনত উল্লেখ থকা এই দৰ্শন চীনৰ পৰা জাপান পোৱাইছিল।পাছে পৰবৰ্তীকালত জাপানৰ লোকধৰ্মৰ কোশ্বিন আচাৰ-ব্যৱহাৰৰ জৰিয়তে এই দৰ্শনৰ আটাইতকৈ উল্লেখযোগ্য উদাহৰণ দাঙি ধৰা হৈছে। 
  কোশ্বিন লোকবিশ্বাস বা প্ৰথা হৈছে মূলত চীনা তাও ধৰ্ম আৰু প্ৰাচীন শ্বিণ্টো দৰ্শনৰে প্ৰভাৱান্বিত এক জাপানী থলুৱা ধৰ্ম । দশম শতিকাৰ শেষৰ ফালে টেণ্ডাই বৌদ্ধ সন্ন্যাসী সকলে এই কোশ্বিন জনবিশ্বাস প্ৰচাৰ কৰিছিল। এই জনবিশ্বাস মতে জন্ম পোৱাৰ মুহূৰ্ততে চীনৰ টাওজিম দৰ্শনত উল্লেখ কৰা তিনিটা অসুৰ অৰ্থাত চান্সি শিশু এটাৰ তিনিখন শক্তি ক্ষেত্ৰ (দৈতান) মস্তিষ্ক, হৃদয় আৰু পাকস্থলীত থিতাপি লয়। থিতাপি লোৱা অসুৰ তিনিটাই সেই শৰীৰটোক  কাম, ক্রোধ, লোভ, মোহ, হিংসা, বিদ্বেষ আদি নেতিবাচক চিন্তাৰে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে। লগতে মানুহজনে কৰা সমষ্ট ভুলক্রতি হিচাপ ৰাখে ।
  এই ধৰ্মৰ লোক সকলে বছৰি ষাঠি দিনীয়া এক বিশেষ ধৰ্মীয় উৎসৱ পালন কৰে।  কোশ্বিন উৎসৱৰ মাজতে কোশ্বিন-মাশ্বি নামৰ এটা বিশেষ ৰাতি মানুহ এজন টোপনিত লালকাল দিলেই তেওঁৰ শৰীৰ মাজত আশ্ৰয় লৈ থকা তিনিওটা অসুৰে তেওঁৰ শৰীৰৰ পৰা ওলাই স্বৰ্গ ( টিয়ান)লৈ যায় । স্বৰ্গত গৈ তিনিওটা অসুৰে জীৱনযাত্ৰাৰ দেৱতা খ্যাত টেন-টেই নামৰ ভগৱান জনক তেওঁলোকে আশ্ৰয় লৈ থকা লোকজনে কৰা সকলো কুকৰ্মৰ কথা অৱগত কৰে  ।
তাৰ পিছত টেন-টেইয়ে বেয়া কৰ্ম কৰা  মানুহ জনক শাস্তি স্বৰূপে তেওঁক অসুস্থ অথৱা দুখীয়া কৰি পেলায় অথৱা মৃত্যু দন্ড প্ৰদান কৰে । সেয়হে কোশ্বিন ধৰমীয় লোক সকলে কোশ্বিনমাশ্বিৰ ৰাতি উজাগৰে থাকিবলৈ চেষ্টা কৰে।   যাতে  তেওঁলোকৰ শৰীৰৰ মাজত থিতাপি লৈ থকা চান্সিয়ে স্বৰ্গলৈ গৈ প্ৰভু টেন-টেইক অভিযোগ কৰিব নোৱাৰে।
কোশ্বিন জনবিশ্বাসত মিজাৰু, কিকাজাৰু, ইৱাজাৰু নামৰ তিনিটা বান্দৰৰ ছবিৰ জৰিয়তেই এই তিনিওটা অসুৰে কাল্পনিক ৰূপ দি মানুহক বেয়া নাচাবলৈ, বেয়া নুশুনিবলৈ আৰু বেয়া নক'বলৈ সতৰ্ক কৰি দিছিল। দহ শতিকাৰ পৰবৰ্তীকালত মুৰোমাশ্বি কালত জাপানৰ বিভিন্ন অঞ্চলত এই বান্দৰ তিনিটাৰ শিলৰ মূৰ্তি স্থাপন কৰি জনগনক তাৰ গূঢ়াৰ্থ অনুশীলন কৰিবলৈ উদ্বুদ্ধ কৰিছিল। পৰবৰ্তীকালত জাপানৰ শাষক সকলে এই নীতিশিক্ষাক জনজীৱনৰ এক এৰাব নোৱাৰ অনুশীলন হিচাপে বাধ্যতামূলক কৰি দিছিল।  ফলশ্ৰুতিত জাপানীজ সকল আজি সৎ, মিষ্ট আৰু স্বল্প  আৰু শান্তি পৰায়ণ লোক হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈছে। 

  পাছে আনুষ্ঠানিকভাৱে ১৭ শতিকাৰ আৰম্ভনিতে চিত্ৰকল্পৰ জৰিয়তে এই নীতিশিক্ষাক অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে জাপানৰ নিকোত থকা প্ৰসিদ্ধ টোশ্বো-গু মন্দিৰৰ দুৱাৰত মিজাৰু, কিকাজাৰু, ইৱাজাৰুৰ প্ৰতীক  খোদিত কৰা হৈছিল।  
প্ৰাগৈতিহাসিকবিদ সকলৰ মতে  এই বান্দৰ তিনিটাৰ জৰিয়তে প্ৰকাশ কৰা নীতিশিক্ষাৰ কথা পোন প্ৰথমতে সনাতন দৰ্শনৰ বেদতহে উল্লেখ আছিল। বেদত বৰ্ণিত থকা সেই বাৰ্তা শ্বোকিন দৰ্শনত উল্লেখ কৰাতকৈ তুলনাত্মক ভাৱে বেচি ইতিবাচক আৰু মনোগ্ৰাহী আছিল। পাছে পৰবৰ্তীকালত সনাতন দৰ্শনৰ আদৰ্শক এচাম সুবিধাবাদীয় নষ্ট কৰি জাতিবাদৰ সূচনা কৰাত সমাজৰ অধিকাংশ লোক বেদ উপনিষদত উল্লেখ থকা এনেধৰণৰ বহুতো জ্ঞানৰ পৰা বঞ্চিত হৈছিল। সেই বাবে ইমান শক্তিশালী আৰু উত্তম দৰ্শনৰ ভৰাঁল থকাৰ স্বতেও ভাৰতবৰ্ষ বিশ্ব গুৰু হোৱাৰ পৰা বঞ্চিত হৈ ৰ'ল। 
 ছয়শ খ্ৰীষ্টাব্দত দক্ষিণাত্যৰ মাদুৰাইৰ পান্ডীয়া বংশৰ ৰজা তথা  সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত সুন্দৰপান্ডীয়াই চাৰি বেদৰ ১২০টা বিশেষ নীতিশিক্ষাৰ সংগ্ৰহ কৰি ৰচনা কৰা নীতিদ্বীষস্তিকা নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। সেই গ্ৰন্থখনতে পোন প্ৰথমবাৰৰ বাবে তিনিটা বান্দৰৰ জৰিয়তে কোশ্বিন দৰ্শনত উল্লেখ থকা কথাখিনিৰ লগত সাদৃশ্য থকা নীতিশিক্ষাৰ উল্লেখ কৰা হৈছিল। পন্ডিত সুন্দৰপান্ডীয়াই গ্ৰন্থখনত লিখিছিল  -               
  "কো’ন্ধো যো’কাৰ্যৰতঃ কো বধিৰো যো হিতানি না শ্ৰুণোতি।
 কো মুকো যাঃ কালে প্ৰিয়ণি বকতুং না জানাতি॥"                    

     অৰ্থাত অন্ধ সেইজন যিজনে  বেয়া কামত ব্ৰতী হয়।
 বধিৰ সেইজন যিজনে উপকাৰীৰ কথা নুশুনে।
  বোবা সেইজন যিজনে সঠিক সময়ত মিঠা কথা ক’ব নাজানে।

গতিকে আহঁকছোন আমি সকলোৱেই আজি নৱবৰ্ষৰ প্ৰাকক্ষণত মিজাৰু, কিকাজাৰু, ইৱাজাৰু নামৰ বান্দৰ তিনিটাৰ জৰিয়তে প্ৰেৰণ কৰা নীতিশিক্ষাৰ আধাৰত জীৱনটো জীয়াবলৈ প্ৰয়াস কৰোঁ। 
  বেয়া কৰিও সফলতাৰ মুখ দেখা সকলে অগ্ৰসৰ হোৱা পথৰে খোজ  নেপেলাই দূৰ্গম অথচ সুপথেৰে জীৱনৰ যাত্রা আৰম্ভ কৰোঁ।
কৰ্কশ হলেও হিতৈষী সকলে কোৱা অকাট্য বচন মানি চলিবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকলৈ কৃতজ্ঞতা প্ৰদৰ্শন কৰোঁ ।
দূৰ্নীতি, শোষণ, তোষণ,  লুন্ঠন,  ঠগ, প্ৰৱঞ্চনাৰ বিৰুদ্ধে মাত মতাৰ সৎ সাহস ৰাখি অনাহক কথাত চিনাকী অচিনাকী যিকোনো সৈতে যেতিয়াই তেতিয়াই যধে মধে যিকোনো বিষয়ক লৈ তৰ্ক বিতৰ্ক নকৰিবলৈ চেষ্টা কৰোঁ । উদভৱ হোৱা সমস্যাৰ সমাধান বিচাৰি গঠনমূলক  বিতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা আছে।  কিন্ত সেই বুলিয়েই আবেগিক হৈ যিকোনো কথাকেই বিতৰ্কৰ মাজলৈ টানি নি ঘোৰ ক্ষতি কৰাৰো কোনো যুক্তি নাই ।  গতিকে আহঁকছোন আমি বাপুৰ নীতি আৰু আদৰ্শৰে সকলোৱেই নিজৰ  ইচ্ছা,  সামৰ্থ্য আৰু দায়িত্ববোধেৰে এজন সুনাগৰিক হৈ এখন সুন্দৰ ৰাষ্ট্ৰ গঠনত সহায়ক হওঁ ।

ধন্যবাদ। 

- চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা,
নয়ডা, উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)