অপেক্ষা-ৰেজিনা পাৰবিন

©Admin
0
"জীৱন এক বাস্তৱ সত্য
সপোন অবাস্তৱ কল্পনাৰ সাগৰ 
তথাপিও সপোনেই কঢ়িয়াই লৈ ফুৰে
আশা আৰু আকাংক্ষাৰ ৰঙীন সমল"----
     ৰে'লৰ উকিটো শুনিলেই অজানিতে মমী গগৈৰ চকুযুৰি নিৱদ্ধ হয় নাতি দূৰৰ ষ্টেচনৰ দিশে । অধীৰ আগ্ৰহেৰে তাই বাট চাই,জানোছা তেওঁ আহিছেই।
     ৰোগীয়া পুত্ৰৰ চিকিৎসাৰ বাবে তাত-বাতি কাঢ়োতে কাঢ়োতে মিটিৰ-কুটুম্বৰ ঘৰলৈ নোযোৱা কেবাবছৰো হ'ল প্ৰশান্তৰ। উন্নত চিকিৎসাৰে পাঁচটা বছৰৰ মূৰত পুত্ৰ ভালেখিনি সুস্থ হোৱাত এপাক বায়েকৰ ঘৰৰ পৰাই আহো বুলি ওলাই যোৱা প্ৰশান্ত আদবাটতে ক'ত নিৰুদ্দেশ হ'ল ? ছমাহ উকলি যোৱাতো কোনো শুংসূত্ৰ নাপালে পত্নী মমীয়ে। নবছৰীয়া ৰোগীয়া পুত্ৰৰে মমী আৰু তাৰ বৃদ্ধ মাকক আলাই-আথানি কৰি জনসমুদ্ৰত হেৰাই যোৱা মানুহজনক দিক-বিদিক হেৰুৱাই উদভ্ৰান্তৰ দৰে হৈ বিচাৰি চলাথ কৰিও কোনো সন্ধান নাপালে মাউৰী হতভগীয়া মমীয়ে। আৰক্ষীৰ সহায় বিচাৰিও প্ৰথমাৱস্থাত কোনো সহায় নাপালে যদিও দুদিন উকলি যোৱাতহে মিডিয়াৰ সহযোগত কোনোমতে গোচৰ তৰিলে যদিও আৰক্ষীয়েও নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ ৰুজু কৰাৰ লগতে ওলোটাই কোনো উগ্ৰপন্থী সংগঠনত যোগদান কৰা বুলি কৈ দুদিনমান মমীকে হাৰাশাস্তি কৰি দায়িত্ব সামৰিলে।
     চাওঁতে চাওঁতে বছৰ উকলি গ'ল। প্ৰশান্তৰ কোনো খবৰেই নোলাল।
   সুখে -দুখে গোটেই জীৱন কটাম বুলি প্ৰতিশ্ৰুতি দিয়া প্ৰশান্তই  মমীক ডুবাই থৈ গ'ল  এসাগৰ দুখত। মাত্ৰ দুখ পাবলৈহে যেন জন্মিছিল মমীয়ে। মাতৃ গৰ্ভত থাকোঁতেই পিতৃক হেৰুওৱা মমীৰ মাকক তাইৰ তিনি বছৰ বয়সতে পুনৰ বিয়া দিছিল মোমায়েকহঁতে আৰু তাই ৰৈ গৈছিল মোমায়েক,আইতাক ,মাহীয়েকৰ লগত।  মোমায়েকহঁতৰ মৰমৰ উমেৰে ডাঙৰ- দীঘল হৈ হায়াৰ চেকেণ্ডেৰী পঢ়ি থাকোতেই তাই প্ৰেমত পৰিছিল কলেজৰ চʼকতে থকা "কিতাপ ঘৰ"ৰ গৰাকী প্ৰশান্তৰ আৰু এদিন প্ৰশান্তৰ মাক আৰু মোমায়েকৰ সন্মতিতেই বিবাহো হৈছিল দুয়োৰে।
   প্ৰশান্তৰ মাতৃ আৰু প্ৰশান্তৰ সৈতে বৈবাহিক জীৱন খুবেই সুখৰ আছিল মমীৰ। দুয়োৰে জীৱনলৈ আহিছিল এটি মৰম লগা পুত্ৰ। মৰমতে প্ৰশান্তৰ মাকে নাতিয়েকৰ নাম দিছিল প্ৰণাম। আন দহজন শিশুৰ দৰেই স্বাভাৱিক ভাৱেই সি ডাঙৰ-দীঘল হৈছিল। কিন্তু তাৰ পাঁচ বছৰ বয়সত সি আক্ৰান্ত হৈছিল তীব্ৰ জ্বৰত আৰু ডাক্তৰৰ পৰামৰ্শমতে দিয়া ইনজেকচনটোৱেই তাৰ লগতে মমী-প্ৰশান্তৰ জীৱনলৈ নমাই আনিছিল অমানিশা।  দৌৰি-ঢাপৰি ফুৰা প্ৰণামৰ ইনজেকচন দিয়া সোঁ ভৰিখন  হঠাতে প্ৰায় বিকল হৈ পৰাত সি শয্যাশায়ী হৈ পৰিছিল। স্থানীয় বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিও আৰোগ্য নোহোৱাত তাক লৈ গৈছিল ভেলোৰলৈ আৰু অৱশেষত সম্পূৰ্ণ পাঁচটা বছৰ পিছত প্ৰণাম সম্পূৰ্ণ সুস্থ হৈ উঠিছিল।মমী-প্ৰশান্তৰ লগতে প্ৰণামৰ আইতাকৰ  মুখত হাঁহি বিৰিঙিছিল। প্ৰণাম পুনৰ স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল। 
    পুত্ৰৰ চিকিৎসাৰ বাবদ প্ৰশান্তৰ বহুখিনি টকা খৰছ হোৱাৰ লগতে সি ভালেখিনি স্থাৱৰ সম্পত্তিও হেৰুৱাবলগীয়া হৈছিল। দুশ্চিন্তাই হয়তো প্ৰশান্তক খুলি খুলি খাইছিল। কিছু বিষণ্ণ হৈ পৰিছিল প্ৰশান্ত। মমীয়ে কিন্তু অনবৰতে উৎসাহ যোগাই আহিছিল তেওঁক। মমীৰ সহযোগতে তেওঁ পুনৰ দোকানখন আৰম্ভ কৰিছিল যদিও আগৰ দৰে স্বচ্ছল জীৱন ঘূৰাই আনিব নোৱাৰি বেছিভাগ সময়েই চিন্তাত ডুবি থাকিছিল  আৰু হঠাতে এদিন তেওঁ নিৰুদ্দেশ হৈ থাকিল।
     প্ৰায় এমাহ দিন-ৰাতি একাকাৰ কৰি বহুত বিচাৰ-খোচাৰ কৰিও কাৰোৰে পৰাই  কোনো সম্ভেদ নাপালে মমীয়ে। কিন্তু দুখত কাতৰ হৈয়ো তাই ভাগি নপৰিল । যি হ'ব লগা আছে হ'ব বুলি সকলো ভগবানৰ ওপৰত এৰি দি তাই শাহুমাক আৰু পুত্ৰৰ স্বাৰ্থত গিৰিয়েকৰ দোকানখনতে মনপুতি লাগিল। বহুতেই তাইক বিভিন্ন ধৰণৰ সহায়ৰ বাবে আগবাঢ়ি আহিছিল যদিও বেছিভাগতেই তাইৰ বিভিন্ন স্বাৰ্থ দৃষ্টিগোচৰ হৈছিল। তদুপৰি তাই কাৰো পুতৌৰ পাত্ৰ হ'ব নুখুজি পুত্ৰ আৰু শাহুমাকৰ সৈতে দিন নিয়াব ধৰিলে।
      এমাহ নৌহওঁতেই গিৰিয়েকৰ কথা পাহৰা বুলি একাংশই তাইক সমালোচনা কৰিলেও মমী এতিয়া এগৰাকী স্বচ্ছল , স্বাৱলম্বী মহিলা। বহুতৰ বাবে তাই আদৰ্শ। বাহ্যিক দৃষ্টিত মমীক সুখী যেনেই লাগে যদিও দূৰণিৰ পৰাই শুনা পোৱা প্ৰতিখন ৰে'লৰ উকিয়ে প্ৰতি মুহূৰ্ততে অজানিতে মমীৰ দৃষ্টি নিয়াই নাতি দূৰৰ ষ্টেচন পথলৈ। অধীৰ আগ্ৰহেৰে মমীয়ে অপেক্ষা কৰিছে এদিন তেওঁ আহিব !

ৰেজিনা পাৰবিন।
বাইহাটা কমলপুৰ।
কামৰূপ।
১৪/১২/২২ইং।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)