জীৱন প্ৰৱাহ - ড° আৰাধনা বৰুৱা

©Admin
0
মনেশ্বৰৰ এইকেইদিন মনত বৰ সন্তোষ ! হওঁতে ভগৱন্তৰ কৃপাত এইবাৰ ধানো পালে ভালেখিনি ! গ্ৰামসেৱক জনৰ উপদেশমতে আগতীয়া ধানৰ সঁচৰ খেতি কৰা বাবে মৰণা মাৰিও আজৰি হ'ল l নৈপাৰৰ সৰিয়হ দুডৰায়ো মন উচাটন কৰা হালধীয়া হাঁহি মাৰিলেই l 
           ন-খাবলৈ বুলি সাঁচি থোৱা কোমোৰা দুটাৰে ঘৰৰে তেলাল ডেকেৰুৱা হাঁহ দুটাৰে গঞা জ্ঞাতিক অন্ন এমুঠি খুৱাই একেজনী জী পমিলাক নৈৰ সিপাৰৰ যদুৰামৰ পুতেক বলাইলৈ সেৱা এভাগ কৰাই বিয়া দিব লাগিব l ল'ৰা ছোৱালীহালৰ মন মিলিছে যেতিয়া শুভ কাৰ্য্যত বিলম্ব কৰি লাভ নাই l আদৰৰ জী জনীৰ মনত দুখ দিব নোৱাৰি, বলায়ো পাহুৱাল ডেকা, দুয়োটাই কৰি মেলি খাব l 
           তাহানিখন শাওণীয়া পথাৰতে মনে খোৱা পমিলাৰ মাকক আঘোণৰ পথাৰৰ পৰা একেকোবে ঘৰলৈ পলুৱাই অনাৰ কথা সুঁৱৰি মনেশ্বৰৰ দুই ওঁঠেৰে এটি মিচিকিয়া হাঁহি ফুটি উঠিল !

✍️ড. আৰাধনা বৰুৱা
     পাঠশালা
                          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)