বিছিন্ন হৈ পৰিছে মানুহ আত্মবোধৰ পৰা।
এসময়ত চকুৰে ঢুকি নোপোৱালৈ আছিল
সেউজীয়াৰ সৈতে বতাহৰ আলাপ
সেউজীয়াত জিৰাইছিল
পশু- পক্ষী চৰাই -চিৰিকটি
কীট -পতঙ্গ
কত যে সুন্দৰ কাৰিকৰী
যেন ৰূপ দিয়া কল্পনাপুৰী।
তেতিয়া মানুহৰ
হৃদয়ে হৃদয়ে বৈ আছিল
মানৱী জুৰ মলয়া
মৰমে নিচুকাইছিল তাপিত জীৱন।
এতিয়া দেখোন
প্রাণে নাপায় জিৰণি
চাঁত কৰে নুমাল যেন
মানৱীয় থাপনাৰ পবিত্র চাকি
সোলকি গল স্নেহ -প্রীতিৰ জৰি
এতিয়া কেৱল
আক্ৰোষ, ঘৃণাৰ অলেখ খেল
নাই লেখমানো শিৱ সুন্দৰ।
চাও আজি বাৰে বাৰে উলটি
সেই দিন আৰু এইদিন
তেনেই দেউলীয়া আজিৰ সময়।।
◾নিতুমণি দাস ঢকুৱাখনা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ