কৃষকৰ উদং ভঁৰাল ভৰি পৰিল
আনন্দত মতলীয়া সকলো
শ্ৰমৰ সাৰ্থকতাত সকলো ধন্য।
গাঁৱৰ সকলোৱে মিলি এসাজ
তৃপ্তিৰে খায় ৰং ধেমালিৰে
হাঁহ আৰু কোমোৰা
গাহৰি আৰু লাইশাক
পিঠা পনাৰ জুতিত
এটি সুন্দৰ পৰিৱেশ
গঢ়ি তোলে সমাজত ।
মাঘৰ মেজিয়ে যেন
সকলো নাশ কৰিব
সুখ সমৃদ্ধিৰে ভৰি পৰিব জীৱন........ ।
✍️দিপশিখা ৰাজকোঁৱৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ