মাঘ বিহু - ছেলিমা বেগম

©Admin
0

মাঘবিহু মাঘ মাহৰ সংক্ৰান্তিত পালন কৰা হয়। আঘোণৰ পথাৰৰ হালধীয়া বৰণৰ সোণগুটি চপোৱাই ধানখিনি ভঁৰালত ভৰাই কৃষকৰ মাজত আনন্দ কুলাই পাচিয়ে নধৰে। ঘৰে ঘৰে আৰম্ভ কৰা হয় ভোগালীৰ ভোগৰ সামগ্ৰী, খাদ্য। এই বিহুত ধনী দুখীয়া সকলো অসমবাসীয়ে পালন কৰা দেখা যায়। 
অতীতৰেপৰা এই পৰম্পৰা চলি আহিছে। আজিও আমাৰ অসমীয়া সমাজত প্ৰচলিত হৈ আছে। এই ভোগালী বিহুত অসমীয়া সমাজত অভাৱ অনাটন নাই বুলি কোৱা হয়। বাৰীৰ শাক পাচলি আৰু ভঁৰাল ধানৰ পৰা চাউল তৈয়াৰ কৰি লৈ বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰি লোৱা হয়। ঘৰৰ খাদ্যৰ সোৱাদেই বেলেগ। পথাৰৰ তিল ভৰা চাউলৰ পিঠাগুৰিৰ লগত তিলৰ লাড়ু আদিৰে প্ৰস্তুত কৰা খাদ্য অসমীয়া সমাজত প্ৰচলিত হৈ আছে। ঘৰে ঘৰে ঢেকিৰ মাত, গাঁৱৰ জীয়ৰী বোৱাৰী সাজু হয় হেঁপাহৰ ভোগালী বিহুটিক আদৰিবলৈ । 

মেজিৰ জুই জ্বলাই শীতৰ সময়ত তাপ লৈ ৰোগ মুক্ত কৰাটো অসমীয়া সমাজত এক সুকীয়া স্থান লাভ কৰি আহিছে। 

            ডেকা গাভৰুৱে সাজু হয় পথাৰৰ পৰা নৰা কাটি ভেলাঘৰ তৈয়াৰ কৰিবলৈ। নৰা কাটি আনি আটক ধুনীয়াকৈ সজাই ৰাতি কটাব উৰুকা নিশা আত্মহাৰা হৈ পৰে অসমৰ ৰাইজৰ মাজত আনন্দ আৰু তৃপ্তিৰে এসাঁজ ভাত একে লগে খাব ।পুৱা উঠি বিললৈ যায় মাছ ধৰিবলৈ। এই বিহুত চিতল মাছ খোৱাৰ বাবে সকলোৱে ব্যস্ত থাকে। এই বিহুত হুঁচৰি গোৱা গীত নৃত্য কৰে , উৰুকাৰ নিশা বাতি ভৰাই চিৰা খাব আৰু খাব বাঁহৰ চুঙাৰ দৈ লগত লব গুৰ ভোগালীৰ উৰুকাৰ দিনা পুৱা উঠি গা ধুই পৰিষ্কাৰ কৰি আগ্নি দেৱতাক পূজা আগবঢ়োৱা হয়। মেজি জ্বলাই শীতৰ সময়ত তাপ লৈ ৰোগ মুক্ত কৰা হয়। বয়স্ক লোকে পাণ তামোল লৈ মন্ত্ৰ পাঠ কৰি বছৰটোৰ মঙ্গল কামনা কৰে। যাতে কোনো ধৰণৰ বেমেজালি দেখা নিদিয়ে তাৰ বাবে সৃষ্টি কৰ্তাৰ পৰা অনুমতি বিচাৰি লয়। বোৱাৰী জীয়ৰীয়ে বিভিন্ন স্বাদৰ পিঠা প্ৰস্তুত কৰি লয়। তিলৰ লাড়ু, তেল পিঠা, নাৰিকলৰ লাড়ু, ভৰা পিঠা, আদি বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰে । 

              উৰুকাৰ ৰাতি খৰি চুৰি কৰি অনাটো ডেকা গাভৰুহঁতৰ মজাই বেলেগ। কাৰ ঘৰৰ পৰা খৰি চুৰি কৰি আহিব পাৰে আৰু কেতিয়াবা আকৌ গোটেই ৰাতি উজাগৰে থাকিব পাৰে তাৰ বাবে প্ৰতিযোগিতা চলি থাকে। 
বিহু আমাৰ অসমৰ জাতীয় উৎসৱ সেয়ে আমাৰ অসমৰ সকলোৱে একেলগে মিলি এই উৎসৱ পালন কৰা হয়। এই ভোগালী বিহু মাঘ মাহত পালন কৰা হয়। মাঘৰ বিহু আহিলে আমাৰ অসমীয়াৰ গাত তৎ নাইকিয়া হয়। গাঁৱৰ জীয়ৰী বোৱাৰী সাজু হয় হেঁপাহৰ ভোগালী বিহু টিক আদৰিবলৈ। 
ভোগালী বিহুত ভোগ আঁতৰাবলৈ নানাবিধ খাদ্য তৈয়াৰ কৰে। জীয়ৰী বোৱাৰীয়ে সাজু হয় পিঠা গুৰি খুন্দিবলৈ। মাটিমাহৰ সোৱাদ এই বিহুৰ অন্যতম, মিঠা আলুৰ মিঠাৰে বৰা চাউলৰ পিঠাগুৰিৰ লগত তিলৰ লাড়ু আদিৰে জল -পান তৈয়াৰ কৰা হয়। মাঘবিহুৰ কথাই বেলেগ। অসমীয়াৰ চোতালত উৰুকা নাচে ঘৰে ঘৰে সৰে ঢেঁকীৰ মাত। সান্দহগুৰি ভোগালী বিহুৰ জলপান। ভেলাঘৰ সাজি সকলোৱে আনন্দ উপভোগ কৰি একে লগে এসাজ ভোগালীৰ ভাত খায় ।ভেলাঘৰৰ মাজত আইতাহঁতে নাচে, ককাহঁতে পুৱাতে মাহলৈ যায়, চিতল লৈ আহে ভোগালী বিহুৰ আনন্দৰে উলাহত নাচে ভোগালী বিহুৰ এসাঁজ ভাত একে লগে খাবলৈ ।

✍️ছেলিমা বেগম 
জিলা নগাঁও
গাঁও মেলেকাধিং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)