পানী কাউৰী কেইটাই
বৰফৰ ফাঁকত
পাতে গদাৰ ফুল দুপাহ
বিচাৰি ফুৰিছে ।।
এদিন বৰফবোৰ বাষ্প হ'ব
পানী বিছাৰি ইন্দ্ৰৰ সভাত
ভিৰ বাঢ়িব ।।
ভেকুলীৰ টোৰটোৰণিত
প্ৰকৃতি সাৰ পাব
তেতিয়া নদীৰ বুকু
শুৱনি কৰিবলৈ
বৃষ্টিপাত হ'ব
তেতিয়াই আমাৰ অনুভৱবোৰ
সেউজীয়া হ'ব ।।
▶️হেমেন হাজৰিকা
ৰাণী
কামৰূপ ( ম )অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ