হট লাইন -সৌৰভ কুমাৰ বৰুৱা

©Admin
0
আজিকালি তেওঁৰ সৈতে মই 
চৌব্বিশ ঘণ্টাই হট লাইনত থাকো ।

কাৰণ তেওঁৰ সৈতে মোৰ
আৰু মোৰ সৈতে তেওঁৰ
অনাবিল গভীৰ প্ৰেম ।

তেওঁ কয় - 'অহংকাৰী হিৰণ্যকশিপুৰৰ কথা
তেওঁ খুজি লোৱা ছিদ্ৰবিহীন ব্ৰহ্মাৰ 'বৰ' হেনো
আচলতে অভিশাপ হে আছিল ।
কয় - মানৱ বা দানৱৰ মগজুৰে
ঢুকি নোপোৱা অতি চেতন 
গেৰুৱা বুদ্ধিমত্তাৰ কথা ।'

মই সোধো- 'জীৱনলৈ মাজে মাজে 
কঠিন সময় বিলাক কিয় আহে ?'
তেওঁ কয়- 'নাৰিকল খাবলৈ তোমাৰ বাবে
ওপৰৰ খোলাটো ভাঙি দিওঁ !'

মই কওঁ- 'ধুমুহা, ব্ৰজপাত, বানপানীৰ কথা ।'
তেওঁ কয় - 'সৃষ্টি নহয়, 
কেৱল ধ্বংসহে আছে তাত ।
চোৱাচোন -
গছ গছনি, ফুল-ফল বিলাকে 
নিৰৱতাৰ মাজত কেনেকৈ 
সৃষ্টিৰ সোপান ৰচে;
ধনী দুখীয়া, উচ্চ নীচ 
পক্ষপাতহীনকৈ সকলোৰে বাবে ।
নিৰৱতাৰ মাজত বিচাৰি পাবা
উত্তৰ বিহীন প্ৰশ্নৰো শুদ্ধ উত্তৰ।
নিৰৱতাৰ মাজত নিজক বিচাৰি চাবা
নিৰৱতাৰ মাজত ঈশ্বৰ বিচাৰি পাবা ।'

মই নজনাকৈয়ে 
ৰ'দ বৰষুণত তেওঁ ছাতি এটা 
মোৰ ওপৰত ধৰি ধৰি আগবাঢ়ে মোৰ স'তে ।

মই তেওঁক ভাল পাওঁ
তেওঁ মোক ভাল পায়
অগাধ প্ৰেম 
তেওঁৰ স'তে মই আজিকালি
হট লাইনত থাকো ।

           ✍️সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)