-- মই ।
-- কোন ? "মই " ,
-- মই , মই অৰুণজ্যোতি ।
(দুৱাৰ খুলি বাহিৰলৈ কোনোবা ওলাই আহে)
-- কাক বিচাৰি আহিছে?
-- নাজানো ।
-- নহ'লে কিয় আহিছে ?
-- ..........., অ', মনত পৰিছে।
আপুনি বাৰু মোক চিনি পাইছেনে?
-- নাই ।
-- অ', যাও দিয়ক নহ'লে ।
-- আপুনি মনত পৰিছে বুলি কৈ, কিয় আহিছিল নকলে যে ?
-- আকৌ পাহৰি থাকিলো, যাও দিয়ক।
-- কিন্তু,মই আপোনাক পাহৰা নাই।
-- কিয় ?
-- বিশ্বাস হোৱা নাই নেকি ?
-- তেনেহলে এইবোৰ........
-- ধেমালি ।
-- এনেকৈ কিবা ধেমালি কৰে নেকি ?
-- তেনেহলে কেনেকৈ ?
( ভিতৰৰ পৰা কোনোবা ওলাই আহে)
-- এও কোন ?
-- নীলাঞ্জনা ।
-- নী...... নীলাঞ্জনা,
আৰু সৰু ল'ৰা টো......?
-- তাইৰ সন্তান।
-- তেন্তে আপুনি কোন ?
-- নীলাঞ্জনা ৰ ভনীয়েক আক্ ।
✍️ নয়ন জ্যোতি পাটৰ মৰিগাঁও (মিকিৰভেটা)
কলা শাখাৰ একাদশ মানৰ ছাত্ৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ