আছিলা সপোন তুমি -ৰুম্পী দাস

©Admin
0
শত শত সপোন 
       শত আপোন 
মনৰ নাই থিককিয়া ,
            সব তো আছে 
                  কি হেৰালো .....
তথাপি কিয় নিঃশ্ব মই ?
    সাঁচি ৰখা সপোন ভাঙি 
         তুমি গুচি গ'লা 
        উড়ন্ত পক্ষীৰাজৰ দৰে ,
                  বহু দূৰত .....।
মোৰ প্ৰেমৰ অনুভূতিত !
    আজি মই এজনী প্ৰেমীকা , সঁচাই তুমি গুচি গ'লা বহু দূৰত .....
            ৰাখিতো গৈছা ?
           তোমাৰ হেজাৰ স্মৃতি ,   
মোৰ সপোনৰ ভিড়ত ।
        তুমি মোৰ হেজাৰ সপোনৰ খেল ,
         যি সপোনে বহুদিন ধৰি 
       কৰিছে মোক অলস্ .....
             সপোনবোৰ মায়াবি ;
  সপোনবোৰ বহু জটিল ।
      মায়াৰ ৰং দিছিলা তুমি 
         সৰল কৰি দিছিলা তুমি 
        মোৰ প্ৰতিটো কাহানীত ,
          ‌‌ মূখ্য চৰিত্ৰ তুমি ।
হয়তো নাজানা .....
    তোমাৰ অবৰ্তমানে ,
        সকলো সপোন ভঙা ।
            গঢ়ি'ব নোৱাৰো তোমাৰ অৱহেলাত
        মোৰ সপোনৰ প্ৰকৃতি ।
মনমৰা মনমৰা .....
   আজি নাই কোনো 
      প্ৰেমৰ সূচনা .....
         তোমাৰ অপেক্ষাত ,
        আজিও সপোন দেখো ।
এই জীৱন যায় যায়
    থাকিম নে নাথাকো
        তথাপি পাহৰি যাওঁ ।
           দেখিছিলো দিনি-ৰাতি
                সপোনৰ আৰ -বেৰ
গাঁথিছিলো দিঠকত ,
    ৰাখিছিলো মনত ।
        দেখা সপোনবোৰ 
            হৈছে ভঙা দাপোন ,
                নেদেখা সপোন 
আজি আপোন ।
   কিয় হৈছে আপোন .....?
       মোৰ সপোনত 
           কেৱল তুমিই ,
         আছিলা সপোন তুমি ।।

 ✍🏻 ৰুম্পী দাস 
ভালুকমাৰী ৰাণীপুখুৰী , হোজাই (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)