প্ৰবন্ধ - অপাৰ কাব্যসংসাৰত কবিয়ে প্ৰজাপতি-বিকাশ শৰ্মা বৰুৱা

©Admin
0
এই জগতখন নিয়তিৰ অধীন , জন্ম - মৃত্যুৰ চক্ৰত সকলো ঘূৰিবই লাগিব । সমস্ত সংসাৰখন হৈছে প্ৰকৃতিৰ ৰূপ । আকৌ সংসাৰখন মোহাত্মক অৰ্থাৎ , ই সুখ , দুখ আৰু মোহেৰে সংপৃক্ত হৈ থাকে । সত্ত্ব , ৰজ আৰু তম এই তিনিগুণৰ সাম্যাৱস্থাতে প্ৰকৃতিৰ সৃষ্টি । প্ৰকৃতি প্ৰধান । জগতৰ প্ৰত্যেকটো বস্তু বা পৰমাণুৰ উৎপত্তিতত্ত্ব ভিন্ন । সম্পূৰ্ণ বিশ্ব - ব্ৰহ্মাণ্ড কাৰ্য্য - কাৰণ তত্ত্বৰ ওপৰতে বৰ্তি আছে । যিটো বস্তু সৃষ্টি হয় সেইটো কাৰ্য্য আৰু য'ৰ পৰা সৃষ্টি হয় সেইটো কাৰণ । বিশ্ব - ব্ৰহ্মাণ্ড তিক্ত , অম্ল , কটু , কষায় , লৱণ , মধুৰ এই ছয়টা ৰসৰ সমাহাৰ । এই ৰসসমূহৰ সোৱাদ নিজস্ব । এয়া ব্ৰহ্মনিৰ্মিত সৃষ্টি । 

    অলংকাৰ শাস্ত্ৰৰ প্ৰসিদ্ধ গ্ৰন্থ 
' কাব্যপ্ৰকাশ ' ৰ প্ৰথম উল্লাসত মন্মট ভট্টই ব্ৰহ্মনিৰ্মিত সৃষ্টি আৰু কবিনিৰ্মিত সৃষ্টিৰ বিষয়ে আলোকপাত কৰিছে । শেষভাগলৈ বিধাতাৰ সৃষ্টিতকৈ কবিৰ সৃষ্টিক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিছে ।

 কবিনিৰ্মিত সৃষ্টিৰ প্ৰসংগত আচাৰ্য্যই স্বতন্ত্ৰ সোৱাদৰ উপভোগ কৰাইছে । এই সৃষ্টি নিয়তিৰ অধীন নহয় । কবিগৰাকীয়ে ইচ্ছা অনুসৰি স্বতন্ত্ৰভাৱে কাব্য সৃষ্টি কৰিব পাৰে । কেৱল সত্ত্বগুণপ্ৰকাশ্য সোৱাদ উপভোগ কৰোতে পাঠক , দৰ্শক অলৌকিক আনন্দত আত্মহাৰা হয় । কবিৰ সৃষ্টি সদা দীপ্ত আৰু প্ৰকাশ্যমান । যদিওবা কবিৰ সৃষ্টি সুখ - দুখাত্মক , বিচ্ছেদাত্মক হয় মানুহে তাৰ পৰা কেৱল সুখেই উপভোগ কৰে । 

কাব্যপ্ৰয়োজনঃ-
-------------------

যিদৰে প্ৰয়োজন নোহোৱাকৈ এজন মূৰ্খয়ো আগনাবাঢ়ে , ঠিক তেনেদৰে কাব্য ৰচনাৰ অন্তৰালতো প্ৰয়োজন থকাটো নিশ্চিত । প্ৰয়োজন অৰ্থাৎ , কাৰণ । কাব্য এখন ৰচনাৰ বাবে চাৰিটা স্তৰৰ আৱশ্যক , যাক একেলগে অনুবন্ধচতুৰ্স্তয় বুলি কোৱা হয় । অনুবন্ধচতুৰ্স্তয় হৈছে বিষয় , প্ৰয়োজন , সম্বন্ধ আৰু অধিকাৰী । 

কবিনিষ্ঠ প্ৰয়োজনঃ-
-------------------------
১। যশস্যা প্ৰাপ্তিৰ বাবে ,
২। অৰ্থ প্ৰাপ্তিৰ কাৰণে ,
৩। অনৰ্থ বা অমংগল বিনাশৰ কাৰণে ।

পাঠকনিষ্ঠ প্ৰয়োজনঃ-
------‪-----------------------
১। ব্যৱহাৰিক জ্ঞান লাভ কৰিবলৈ ,
২। কাব্য এখন অধ্যয়ন কৰি পাঠক সকল অলৌকিক আনন্দত আত্মহাৰা হয় ,
৩। কান্তা অৰ্থাৎ পত্নীৰ নিচিনাকৈ কাব্য এখনে পাঠকসকলক উপদেশ প্ৰদান কৰে ।

কাব্যহেতুঃ-
-------------

১। শক্তিঃ-
------------
শক্তি হৈছে কবিত্বৰ বীজ । কবি হ'বলৈ হ'লে এজন ব্যক্তিৰ কবিত্ব শক্তি ব্যক্তিগৰাকীৰ মন-মগজুত সংস্কাৰ হিচাপে থাকিব লাগিব আৰু ই বংশগত তথা জন্মগত হ'ব লাগিব । প্ৰতিভা অবিহনে কাব্যৰচনা কেতিয়াও সম্ভৱ নহয় । 

২। নিপুণতাঃ-
-----------------
কবি এগৰাকীয়ে এখন উৎকৃষ্ট কাব্যৰচনা কৰিবলৈ তাৰ লগত সম্পৰ্ক থকা অন্যান্য আনুসংগিক বিষয়সমূহতো সু-নিপুণ হ'ব লাগিব । বিশেষকৈ , লোকব্যৱহাৰ , শাস্ত্ৰজ্ঞান , ব্যাকৰণ , ভাষা , অভিধান , শব্দকোষ , কলা , চতুবৰ্গ , মহাকবিৰ কাব্য , ইতিহাসৰ জ্ঞান ইত্যাদি ।

৩। অভ্যাসঃ-
----------------
কাব্যিক প্ৰতিভা বিকশিত কৰিবৰ বাবে কাব্যচৰ্চা অব্যাহত ৰাখিব লাগে । বাৰে বাৰে অভ্যাস কৰি কাব্যৰচনা প্ৰবৃত্ত হৈ থাকিব পাৰিলে নতুন নতুন সৃষ্টিৰ উন্মেষ ঘটে ।

     এনেদৰে , মন্মটাচাৰ্য্যই কাব্যপ্ৰকাশ গ্ৰন্থখনত ব্ৰহ্মনিৰ্মিত সৃষ্টি আৰু কবিনিৰ্মিত সৃষ্টিৰ মাজত তুলনামূলক বিশ্লেষণ কৰি কবিৰ সৃষ্টিক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিছে । লগতে কাব্য সংজ্ঞা , কাব্যস্বৰূপ , কাব্য প্ৰয়োজন , কাব্যহেতুৰ বিষয়ে আলোচনা কৰি অলংকাৰ শাস্ত্ৰৰ এখনি অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে পৰিগণিত হৈছে । 
------ঃঃ------
ধন্যবাদ ।

 ✍🏻 শ্ৰী বিকাশ শৰ্মা বৰুৱা 
       গুৱাহাটী বিশ্ববিদ্যালয় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)