বিশ্বাসঘাতক প্রেমিক প্রনৱে পাপৰিক বদনাম কৰিবলৈ পাপৰিৰ সৈতে অতিবাহিত কৰা অন্তৰংগ মুহুূর্তৰ ছবি সামাজিক মাধ্যমত প্রচাৰ কৰাত পাপৰিয়ে লাজ অপমান সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিবলৈ চেষ্টা কৰোঁতে দেউতাকে কোনোমতে ৰক্ষা কৰিলে। পাপৰিৰ মানসিক অৱস্থাক বুজি মৰমেৰে কাষত বহোৱাই মূৰত হাত বুলাই ক'লে,
মাজনী ' "পৃথিৱীৰ কোনো দুখ যন্ত্রণা জীৱনটোতকৈ ডাঙৰ নহ'য় গতিকে নিজক শেষ কৰি দিয়াৰ সিদ্ধান্ত লোৱাতো ডাঙৰ ভুল। তুমিয়েই আমাৰ জীৱন আৰু সপোন মাজনী। আনৰ বাবে আমাক শাস্তি দিয়াতো তোমাৰ ভুল নহ'য় নে! তোমাৰ জীৱনতোৰ ওপৰত আমাৰো অধিকাৰ আছে। তোমাক হেৰুৱাই আমি জীয়াই থাকিব পাৰিম নে নিজক সুধিছা নে এবাৰ!
ধুমুহা আহিছে কিছু সময় থাকি গুচি যাব। ধুমুহাৰ সৈতে যুঁজিবলৈ শিকিব লাগিব। কিন্তু জীৱন হেঁৰুৱালে পুনৰ উলটি নাহে মাজনী।
গোটেই পৃথিৱীয়ে বেয়া বুলি কওক তোমাক তাতে কি ক্ষতি হ'ব! আমাৰ বাবে তুমি উশাহৰ দৰে সদায় বিশেষ হৈ থাকিবা। তুমি আমাৰ সপোনবোৰৰ বাবে জীয়াই থকিব লাগিব। তুমি একো ভুল কৰা নাই মাজনী।
প্রনৱক ভাল পোৱাতো, বিশ্বাস কৰাতো তোমাৰ ভুল নহ'য়।মাথোঁ মানুহ চিনাত ভুল হৈছে।
সিহে তোমাৰ আবেগ- অনুভূতিক, বিশ্বাসক আঘাত কৰি অন্যায় কৰিছে। গতিকে শাস্তি তাকহে দিব লাগে। তুমি এনেদৰে মিছাতে নিজক দোষী সাব্যস্ত কৰি অত্যাচাৰ কৰাতো দুৰ্বলতাক প্ৰশ্রয় দিয়াৰ দৰে হোৱা নাইনে?
দুৰ্বল হ'লে নহ'ব মাজনী সাহসেৰে পৰিস্থিতিৰ লগত মুখামুখি হ'ব লাগিব। নিজৰ ভুল নথকাকৈ অন্যায়ৰ ওচৰত পৰাজয় স্বীকাৰ কৰা জনক ভয়াতুৰ বা পলায়নবাদীৰ আখ্যা দিয়া হয়। তুমি সাহসী ছোৱালী গতিকে অলপতে ভাঙি পৰিলে কেনেকৈ হ'ব!
তোমাৰ কাষত মা-দেউতা আছে। গতিকে আমি একেলগে যুঁজ দিম প্রশাসনৰ কাষ চাপিম আৰু লম্পট প্রনৱক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম । পাপৰিয়ে আবেগিক হৈ দেউতাকক সাৱটি ধৰি উচুপি উচুপি ক'লে, মোক ক্ষমা কৰি দিয়া দেউতা মই বৰ স্বাৰ্থপৰ হৈ পৰিছিলো।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ