জুইৰ উত্তাপত বিলীন দেহৰ আলস্য !!
কুকুহাৰ ঊৰ্ধ্বগতি আকাশ ধিয়াই
টুকুৰা টুকুৰা ভাৱবোৰেও সিহঁতক ৰিজাই ।
নাতিদূৰৰ ভেলাঘৰত ঢোলৰ গুমগুমনি শুনি
ভাৱনাৰ দীঘল সূতাত লাগিলে আউল ।
আখলৰ বেৰ ভাঙি পিঠা পুৰাৰ সুবাস যদি
নাহিলহেঁতেন উৰি নাসিকাক ধিয়াই ;
ৰঙালীৰ ৰঙতহে ময়ো হ'লো হয় বাউল ।
(সময়ৰ চাকনৈয়াত ভোগালী, ৰঙালী তফাৎ সাপ আৰু নেউল।)
উপেক্ষিত , বঞ্চিত , লাঞ্চিত এচামে
পলে পলে জীৱনৰ গনিছে প্ৰমাদ ,
কৃত্ৰিম আনন্দোল্লাহে আৱৰি নিজক
এৰো হেনো সমাজত সংস্কৃতিৰ সংবাদ।
( মিডিয়াৰ প্ৰতিযোগিতাৰ পৰি ভোগালীৰ ভোগৰো গৈ হ'ল পক্ষাঘাত)
উৰুকাৰ ভোজ ভাতে পেট গৰকাৰ আগতেই
ৰঙীন পানীয়ে পেলাই গুৰু -গোসাঁইক চেৰ ,
ভাৱ - সুৰে লগ এৰা আকাশফলা গীতে -মতে
নাচি -বাগি মতলীয়া তথাকথিত্ কুবেৰ ।
(পাছচোতালত মেজি পতাৰ লগত কোনে মাৰে ফেৰ? )
হায় ! কোৱাটো নহয় সুখ
নক'লেও ফটা মুখ
ভাৱনাৰ সূতাডালত নাই কোনো জোখ ।
(এই কথাক লৈহে লাগে বৰ দুখ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ