মা তুমি আহা না ঘূৰি -শিল্পী দাস

©Admin
0
মোৰ মৰমৰ প্ৰিয় মা,কিয় গ'লা মোক এৰি?
একেলগে থাকিম মা,আহা না ঘূৰি।
মইও যাব লাগিব এদিন এই পৃথিৱী এৰি
সুখে-দুখে থাকো মা,আহা না ঘূৰি।

হাহোঁ-কান্দোঁ সকলোতে আছা তুমি সোমাই,
লগত নাই তুমি বুলি শোকত আছো বিনাই।
দুয়ো মিলি সুখে আছিলোঁ এই জীৱনত
কোনে জানো কি কৰিলে আমাৰ মাজত।

মা তুমি মোৰ জীৱনৰ সৰ্বস্ব সুখ,
কিয় এৰি থৈ গ'লা মোক,কি আছিল দোষ।
এবাৰ পুনৰ আহি যোৱা মোৰ জীৱনত ঘূৰি,
স্বৰ্গৰ সুখ আনি দিম মা তোমাৰ দুই চৰণত বিচাৰি।

ফুলে-ফলে,নদীয়ে-সাগৰে থাকে যিদৰে খেলি,
আমিও মা থাকিম সিদৰে মিলি।
তোমাৰ দৰে আপোন মা, নেপাওঁ ক'তো বিচাৰি,
মোৰ জীৱনত পুনৰ তুমি, আহা ‌না ঘূৰি।


✍️ শিল্পী দাস 
ভালুকমাৰী ৰাণীপুখুৰী, নগাওঁ(অসম)
ছাত্ৰী, বাণিজ্য শাখা চতুৰ্থ ষান্মাসিক
ল‍ংকা মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)