ডাৱৰীয়া মেঘে জোনটিক
ঢাকি ৰাখিছে,
কেৱল মাথো চৌদিশে
অমানিশা নামিছে ।
চেঁচা -চেঁচা পৱনে,
দেহলৈ শিহৰণ সানিছে ।
জোনাকী পৰুৱাই
কাণে-কাণে কৈ যাব বিচাৰিছে
চকু মুদি চোৱা
মনৰ দাপোনত
জোনক সাৱটি লোৱা,
মিঠা-মিঠা সপোনত
জোনে কথা পাতে,
নিদ্ৰাসনা দলিচাত
জোনে উমলি ফুৰে ।
দু বাহুৰ সুৱাসত
জোনটি সৰি পৰে,
আৰুনো লাগিছে কি!
উঠা আৰু জাগা
সপোন নহয় দিঠকেৰে চোৱা।
আবেগৰ চকু পানীৰ
আছে কিনো মান ?
খেল মাথো প্ৰতিভাৰ
বিজয়ো হ'ব পাৰে প্ৰতিভাৰ !
জোনক বিচাৰি পোৱা দুৱাৰো
জানো নহয়নে মাথো প্ৰতিভাৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ