ক'ত শত সুন্দৰ অনুভৱ- অনন্ত কুমাৰ ভূঞা

©Admin
0
ক'ত শত সুন্দৰ অনুভৱে
নিচুকাই আলসুৱা মন
শত খোজ আগুৱাই বুটলিম 
জ্ঞানৰ শব্দ এটি এটিকৈ
অথালি পথালিকৈ হৈ
ঘূৰি ফুৰিলে হেৰাই আচলৰ ধন
ফুলি থকা ফুলপাহ 
ভোমোৰাৰ কিমান আপোন
জাপযোৱা পাহিৰ মাজত 
সুখৰ নিদ্ৰাত ভাগৰ পলুৱাই
গোবৰত গুবৰুৱাই 
বিচাৰি পাই সুখৰ অনুভৱ
সপোন পাহৰি গ'লে 
মুকুতা মণি হাততে হেৰায়
পলসুৱা মাটিডৰা চন পৰিলে
কৃষকে ধন হেৰুৱাই 
জ্ঞানৰ টোপোলা এৰি আহিলে
জীৱনৰ ইতিহাস হেৰায় 
টুলুঙা নাৱেৰে ঘাট পাৰ হ'লে 
ঘটিব পাৰে বিপদ  
একাবেকা পথৰে খোজ দি আহিলে 
চিনাকি পদুলি হেৰায় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)